ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে বিশাখাপট্টনমত ৩য় ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ উদ্বোধন কৰিছিল। ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। এই দুদিনীয়া সাংস্কৃতিক মহোৎসৱত পৰম্পৰাগত খাদ্য, উৎসৱমুখৰ অনুষ্ঠান, নৃত্য আৰু নাটক প্রদর্শন, মত বিনিময় অনুষ্ঠান অন্তর্ভুক্ত কৰা হয়। শুভ উদ্বোধনী নিশাত বিশাখাপট্টনমৰ উপকূল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰ হৈ পৰে। অনুষ্ঠানত কুচিপুড়ি নৃত্যও প্ৰদৰ্শন কৰা হয়।
তাৰ পাছত ১৫০ বছৰীয়া 'বন্দে মাতৰম'ৰ প্ৰতি শ্ৰদ্ধাসূচক অনুষ্ঠান পৰিৱেশন কৰা হয়। লাইটহাউছ ফেষ্টিভেলে সৰ্বস্তৰৰ ৰাইজৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে, প্রায় ৩,৫০০ৰো অধিক দর্শকে সাংস্কৃতিক প্রদর্শনী আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয়, 'লাইটহাউছসমূহক কেৱল জলপথৰ দিক্-দর্শক হিচাপেই নহয়, বৰঞ্চ সংস্কৃতি, পৰ্যটন আৰু সম্প্ৰদায়ৰ গৌৰৱৰ জীৱন্ত প্রাণকেন্দ্ৰ হিচাপে উজ্জীৱিত কৰা হৈছে। এই উৎসবে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু উদ্যাপন কৰাৰ লগতে স্থানীয় জীৱিকা, যুৱক- যুৱতীৰ অংশগ্ৰহণ আৰু অৰ্থনৈতিক বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিব।' উদ্বোধনী দিনৰ এটা মুখ্য আকর্ষণ হিচাপে অন্ধ্র প্রদেশৰ বিভিন্ন ঠাইৰ পৰা অহা ৪০-ৰো অধিক আত্মসহায়ক গোটৰ বিপণী, য'ত স্থানীয় হস্তশিল্প, উপকূলীয় খাদ্য আৰু আদিবাসী সামগ্রী প্রদর্শন কৰা হয়, যিয়ে সম্প্ৰদায়ৰ অংশগ্রহণ আৰু মহিলা-নেতৃত্বাধীন উদ্যোগক লাইটহাউছ পৰ্যটনৰ সৈতে জড়িত কৰি দেখুৱাইছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, বাতিঘৰসমূহ পৰ্যটন, সংস্কৃতি আৰু স্থানীয় উদ্যোগৰ সজীৱ প্ৰাণকেন্দ্র হিচাপে উদ্ভাসিত হৈছে।
নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল লক্ষ্য হৈছে উপকূলীয় সম্প্রদায়সমূহক সক্রিয়ভাৱে জড়িত কৰি লাইটহাউছবোৰক ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনৰ জীৱন্ত প্রতীক হিচাপে সংৰক্ষণ, সুৰক্ষিত আৰু প্ৰচাৰ-প্ৰসাৰ কৰা। সাংস্কৃতিক সন্ধিয়াত উত্তৰ-পূব ভাৰতৰ বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এই মনোমোহা প্ৰদৰ্শনে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ দৃষ্টিভংগীক প্রতিফলিত কৰিছে।