প'ৰ্টেল খোলাৰ ঘোষণাক 'ৰাজনীতি' আখ্যা ভেঞ্চাৰ শিক্ষকৰ

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক: ভেঞ্চাৰ স্কুল প্রাদেশিকীকৰণৰ বাবে প'র্টেল খুলি দিয়াৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে যদিও সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থা আশ্বস্ত হোৱা নাই। শিক্ষক কৰ্মচাৰী সংস্থাই ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ বিষয়টো সমাধানৰ বাবে কেনেদৰে ব্যৱস্থা লৈছে সেই কথা জানিবলৈ ২৮ জানুৱাৰীলৈ অপেক্ষা কৰিব। ইয়াৰ পাছতে অহা এক ফেব্ৰুৱাৰীৰ পৰা অবিৰতভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বড়াই কালি সামাজিক মাধ্যমত ঘোষণা কৰিছে। 

বড়াই কয় যে মুখ্যমন্ত্রী ড° শর্মাই প্রাদেশিকীকৰণৰ বিষয়টোৰ ওপৰত দায়বদ্ধতা প্রকাশ কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানক প্রাদেশিকীকৰণৰ বাবে আৱেদন জনাবলৈ প'র্টেল খুলি দিবলৈ শিক্ষা মন্ত্রীক নির্দেশ দিয়াৰ কথা ঘোষণা কৰিছে। কিন্তু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-কর্মচাৰীৰ বাবে প'ৰ্টেলত আৱেদন জনোৱাটোৱেই লক্ষ্য নহয়। তেওঁলোকৰ মতে, প'ৰ্টেল খুলি দিয়েই চৰকাৰে দায়িত্ব সামৰিব খুজিছে যদিও সেই কথা মানি লোৱা নহ'ব। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগে আগে প্রাদেশিকীকৰণ হ'ব নে নহয় সেই কথা নিশ্চিত হ'ব লাগিব। অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাৰ সভাপতি বড়াই কয় যে মুখ্যমন্ত্রী, শিক্ষা মন্ত্রীয়ে বিভাগীয় জনাব লাগে কি কি চৰ্তৰ ভিত্তিত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে প'র্টেলত আবেদন জনাব। প্রাদেশিকীকৰণ আইনখন বিধানসভাত সংশোধনী অনাৰ দৰে আৱেদন জনাব লাগিব নে শুধৰণিৰ দ্বাৰা দিয়া চৰ্তৰ ওপৰত ভিত্তি কৰি আৱেদন জনাব লগিব? সংশোধিত আইনৰ চৰ্তসমূহহে যদিও আৱেদন প্রক্রিয়াত থাকে তেন্তে প'ৰ্টেল খোলাৰ কোনো অর্থ নাথাকিব। অপ্রাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলক চৰকাৰে আৱেদন জনাবলৈ প'র্টেল খুলি দিয়াটোতে আশ্বস্ত নহ'বলৈ আহবান জনায় সভাপতি বড়াই। তেওঁ আৰু কয় যে এয়া তেওঁলোকৰ ৰাজনীতি। শিক্ষা মন্ত্রী বা মুখ্যমন্ত্রীয়ে প্রথমতে শিক্ষক-কৰ্মচাৰীসকলে বিচৰাধৰণে আইনখনৰ সংশোধন হ'ব নে নহয় সেই কথা প্রথমে স্পষ্ট কৰিব লাগে। 

ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ বাবে ইউ ডাইছ ২০১৮-১৯ বর্ষক ভিত্তি কৰি লোৱা হ'ব নে নহয়, শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীৰ সংখ্যাৰ শেষৰ তিনিটা বছৰ ধৰা হ'ব নে দহ বছৰৰ ভিতৰত যিকোনো তিনিটা বছৰ ধৰা হ'ব, শিক্ষকৰ যোগদানৰ তাৰিখ ৩১-১২-২০১৮ ধৰা হ'ব নে নহয়, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিদ্যালয়ৰ মাটি থকাৰ প্ৰমাণৰ ভিত্তি বর্ষ ২০২৫ চন গণ্য কৰা হ'ব নে নহয় এই প্রশ্নবোৰৰ উত্তৰ যদি সঠিকভাৱে নাহে তেন্তে এটা নহয় ১০টা প'র্টেল খুলি দিলেও ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ সমস্যাৰ সমাধান নহয়। ৰাজ পত্ৰিত অধিসূচনাত এই শুধৰণিবোৰ আহিলেহে প্রকৃতার্থত প্রাদেশিকীকৰণ সম্ভৱ হ'ব বুলি উল্লেখ কৰি শিক্ষক-কর্মচাৰী সংস্থাৰ সভাপতি বড়াই কয় যে অতি সোনকালে শিক্ষা মন্ত্রী বা বিষয়াক সাক্ষাৎ কৰি এই প্রশ্নবোৰৰ সঠিক উত্তৰ বিচৰা হ'ব। যদি সঠিক উত্তৰ লাভ কৰা নহয় তেন্তে এক ফেব্ৰুৱাৰীৰ পৰা অবিৰত আন্দোলনৰ কাৰ্যসূচীৰ বাবে শিক্ষক-কৰ্মচাৰীসকল সাজু হৈ থাকিব লাগে বুলিও সংস্থাৰ সভাপতি বড়াই সংবাদ মাধ্যমক উদ্দেশ্যি কৰা ঘোষণাত উল্লেখ কৰে।

Share This