ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মাকুমৰ দীপশিখা প্রকাশনৰ যৌথ উদ্যোগত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচিত হ'ল ডুমডুমা কলেজৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপক ড° মন্দিৰা দাসৰ এখন গৱেষণালব্ধ গ্রন্থ 'বাঙালীৰ শংকৰদেৱ চর্চা'। এই উপলক্ষে ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাই। উন্মোচনী ভাষণত ড° হাজৰিকাই কয় যে বিগত ২০১৬-১৭চনৰ পৰাই এই গ্ৰন্থখন প্রণয়নৰ কাম আৰম্ভ হৈছিল যদিও বিভিন্ন কাৰণত প্রকাশত বিলম্ব হ'ল যদিও পকাবন্ধা আৰু ৪৫৯ পৃষ্ঠাৰ এই গ্ৰন্থখন আন গ্রন্থতকৈ অলপ সুকীয়া। যাৰ পৰা তথ্য সংগ্ৰহ কৰিছে সেইবোৰো গ্ৰন্থখনৰ এটা খণ্ডত ঠাই দিয়াৰ লগতে ভালেকেইটা ভাষাৰো সমাবেশ ঘটিছে। গ্রন্থখনে কাল হিচাপে ১৮৭৫ৰ পৰা ১৯৫৩ চনলৈ সামৰি লৈছে।
স্বৰূপাৰ্থত এইখন এখন তথ্যসমৃদ্ধ বুৰঞ্জী বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮৭৫ চনত হয়তো অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কে সিমান চর্চা হোৱা নাছিল, যিমান বাঙালী পণ্ডিত সমাজে চর্চা কৰিছিল। লেখিকা ড° মন্দিৰা দাসৰ শলাগ লোৱাৰ লগতে গ্ৰন্থখন পাঠকে আদৰি ল'ব বুলি তেওঁ আশা প্রকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে এক শুভেচ্ছাবাণীৰ জৰিয়তে প্রথিতযশা সাহিত্যিক নগেন শইকীয়াই কয় যে ড° মন্দিৰা দাসে অশেষ কষ্ট কৰি এই গোটেই কামখিনি কৰিলে। যাৰ ইতিহাস মই নিজেও জনা নাছিলোঁ। মন্দিৰাৰ পৰাই মই শিকিবলৈ পালোঁ মই যেন এটা সোণৰ খনিহে দেখিলোঁ। মই মন্দিৰাক ক'লোঁ। তুমি এইটো এটা নতুন গৱেষণা কৰি লোৱা। মই আমাৰ বিশ্ববিদ্যালয়ৰ লগত পাৰিলে যোগাযোগ কৰি দিম। তেতিয়া তদানীন্তন উপাচার্য অলক কুমাৰ বুঢ়াগোহাঁইকে ধৰি অধ্যাপকসকলে বিষয়টো গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে গ্রহণ কৰিলে। কিন্তু নানা ঘাত-প্রতিঘাতৰ মাজেদি আহিবলগীয়া হ'ল। বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাই আঁত ধৰা আৰু উপাসনা দত্তৰ এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট অনুবাদ সাহিত্যিক দেবীপ্রসাদ বাগড়োদিয়াই ভাষণত কয় যে স্বৰাজোত্তৰ অসমত সকলো দিশতে পৰিৱৰ্তন ঘটিছে। কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন ঘটা নাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দি যোৱা অমৰ সৃষ্টিৰ। বৰং ই অধিক উজ্জ্বল হৈ পৰিছে। আজি বছৰ বছৰ ধৰি গৱেষণা অব্যাহত আছে। কিন্তু তেওঁলোকৰ সৃষ্টিৰাজি বিভিন্ন ভাষালৈ অনুবাদ নোহোৱাৰ বাবে আৰু ইয়াৰ যাৱতীয় প্ৰচাৰ নোহোৱাৰ বাবেই বিশ্বমুখীতো বাদেই দিল্লীমুখীও হোৱা নাই। সেইদৰে সন্ত সাহিত্যতো অন্তর্ভুক্ত হোৱা নাই শংকৰদেৱৰ সৃষ্টি।
শংকৰদেৱক লৈ সাম্প্ৰতিক সময়ত ড° মন্দিৰা দাসকে ধৰি ১৮৭৫ চনৰ পৰাই বাঙালীসকলে চৰ্চা কৰি অহাৰ বাবে শলাগ লৈ তেওঁ কয় যে ভাৰতবৰ্ষত ৭৫ কোটি হিন্দীভাষীৰ মাজলৈ যদি শংকৰ-মাধৱৰ সৃষ্টি প্ৰসাৰিত হয়, তেন্তে দেশৰ আন ভাষালৈও ই প্ৰসাৰিত হ'ব। আনহাতে অনুবাদ অবিহনে আমাৰ সৃষ্টি আন কাৰোঁলৈ সম্প্ৰসাৰিত নহ'ব বুলি উল্লেখ কৰি তেওঁ অনুবাদৰ নিজা অভিজ্ঞতাৰে মাধৱদেৱক সৰ্বকালৰ সৰ্বশ্রেষ্ঠ অনুবাদক বুলিও অভিহিত কৰে। আনহাতে, সভাত নিজৰ অনুভৱ ব্যক্ত কৰি গ্ৰন্থখনৰ প্ৰণেতা ড° মন্দিৰা দাসে গ্ৰন্থখনৰ জন্ম যন্ত্ৰণা আৰু এইক্ষেত্ৰত পাতনি লিখি দিয়াকে ধৰি প্রথিতযশা সাহিত্যিক নগেন শইকীয়াৰ সহযোগিতা-পৰামৰ্শ আৰু আশীৰ্বাদৰ ফলত এই কাম সফলতাৰে সম্পাদিত হোৱাৰ কথা উল্লেখ কৰি গ্রন্থখন অজস্র দুষ্প্রাপ্য তথ্যৰে সমৃদ্ধ আৰু ঐতিহাসিক বিচাৰত অত্যন্ত গুৰুত্বপূৰ্ণ তথা দহ বছৰীয়া কষ্টৰ ফল বুলিও অভিহিত কৰি এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি সংশ্লিষ্ট সকলোৰে শলাগ লয়। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া প্রকল্প ৰঞ্জন ভাগৱতীকে ধৰি বহুকেইগৰাকী অধ্যাপক, বিভিন্ন সাহিত্য সংগঠনৰ প্রতিনিধি আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-কর্মচাৰীসহ শতাধিক সাহিত্যসেৱী আৰু ছাত্র-ছাত্রী উপস্থিত থাকে।