ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত অশ্লীল বক্তব্য, কেমেৰাৰ সন্মুখতে মহিলাক মাৰপিট কৰা আদি ঘটনাৰে বিতর্কিত হৈ পৰা ভিক্টৰ দাসক কালি ৰাজ্য চৰকাৰে এক নির্দেশনাযোগে এবছৰলৈ কাৰাগাৰতে ৰখাৰ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে বৰ্তমান কাৰাগাৰতে থকা ভিক্টৰে জামিনৰ বাবে আৱেদন কৰিছিল। কিন্তু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনৰ চৰকাৰৰ পৰামৰ্শদাতা সমিতিয়ে তেওঁক এবছৰলৈ কাৰাগাৰতে ৰখাৰ পৰামৰ্শ দিয়ে।
এই পৰামৰ্শৰ ভিত্তিতে ৰাজ্য চৰকাৰে এই নির্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত অত্যন্ত অশ্লীল ভাষাৰে চৰকাৰ-পুলিচক গালি পৰা এইটো ভিক্টৰেই পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ আহোঁতে কান্দি কান্দি মাকৰ পিছফালে লুকাইছিল। অথচ সামাজিক মাধ্যমত অশ্লীল ভাষাৰে দম্ভালি মাৰিছিল- 'জুবিন দাৰ ন্যায়ৰ কাৰণে প্রথমে ময়ে পুলিচৰ গুলী বুকু পাতি ল'ম।'