ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু দুমাহ বাকী থকাৰ সময়তে কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে প্ৰবীণ বিজেপি নেত্রী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বিজয়া চক্রৱর্তীয়ে। প্রধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি চক্ৰৱতীয়ে ৰাজ্যৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি অৱগত কৰে। তেওঁ কয় যে ৰাজ্যৰ বিজেপি চৰকাৰখনৰ কাম কাজত ৮৫ শতাংশ লোকেই সুখী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো ভাল কাম কৰি আছে।
আনহাতে, প্রধানমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰক লৈ জনতাৰ মনৰ কথা প্রবীণ বিজেপি নেত্ৰীগৰাকীৰ পৰা বুজ লোৱাৰ উপৰি চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়াৰো খবৰ লয়। পাছত সংবাদিকৰ আগত চক্ৰৱৰ্তীয়ে কয়, 'সুমন হৰিপ্ৰিয়াক প্রার্থিত্ব প্রদান কৰিব লাগে বুলি মই প্ৰধানমন্ত্ৰীক কোৱা নাই। অৱশ্যে, খবৰ সোধোঁতে তাই প্রার্থিত্ব লাভকৰিব বুলি আশা কৰি থকাৰ কথা ব্যক্ত কৰিছোঁ।'
উল্লেখযোগ্য যে সম্প্রতি হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়াই এইবাৰ উক্ত সমষ্টিটোত প্রার্থিত্ব লাভ নকৰে। কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণত হাজো সমষ্টিটো সংৰক্ষিত সমষ্টি কৰা হয়। ইফালে, চক্রৱর্তীয়ে প্রধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গডকাৰি, সৰ্বানন্দ সোণোৱাল আদি কেইবাগৰাকী মন্ত্রীক কালি আৰু বুধবাৰৰ দিনটোত সাক্ষাৎ কৰে। অৱশ্যে, তেওঁ সকলোকে সৌজন্যমূলকভাৱেহে সাক্ষাৎ কৰা বুলি জানিবলৈ দিছে।