ডিজিটেল ডেস্ক: ঘৰুৱা ক্রিকেটলৈ উভতিয়েই জিলিকি উঠিল দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শর্মা। চলিত বৰ্ষৰ আৰম্ভণিতে প্রথম শ্ৰেণীৰ ক্ৰিকেটত নিজ নিজ ৰাজ্যৰ হৈ খেলিছিল কোহলী আৰু ৰোহিতে। পিছে নিজৰ পছন্দৰ সংস্কৰণত উভয়ে বিজয় হাজাৰে ট্ৰফীত আধিপত্য বিস্তাৰ কৰে।
দুয়োগৰাকী তাৰকা ক্রিকেটাৰে শতৰান অর্জন কৰে। লগতে দুয়োগৰাকীৰ দলেও জয়লাভ কৰে। ইফালে, ভাৰতীয় দললৈ উভতি অহা ঈশান কিষাণেও শতৰান পূৰ কৰে। ৰোহিত আৰু কোহলী উভয়ে অভিলেখো প্রতিষ্ঠা কৰে। বিজয় হাজাৰেত দ্বিতীয় প্ৰবীণতম ক্রিকেটাৰ হিচাপে শতৰান কৰাৰ লগতে এদিনীয়া ক্রিকেটত সবাতোকৈ অধিকবাৰ ১৫০ৰ অধিক ৰান কৰাৰ নিৰিখত যুগ্মভাৱে শীৰ্ষত অৱস্থান কৰিছে ৰোহিতে। তেওঁ ৯বাৰ এই কৃতিত্ব অৰ্জন কৰি ডেভিদ ৱাৰ্নাৰক স্পৰ্শ কৰে। কোহলীয়ে লিষ্ট 'এ' ক্রিকেটত ভংগ কৰে শচীন টেণ্ডুলকাৰৰ ৰেকৰ্ড। শচীনে ৩৯১ সংখ্যক ইনিংছত ১৬০০০ ৰান কৰিছিল। ইয়াৰ বিপৰীতে কোহলীয়ে ৩৩০সংখ্যক ইনিংছত ১৬ হাজাৰ ৰান কৰে। দুৰ্বল ছিকিমৰ বিৰুদ্ধে ৰোহিতৰ ৯৪টা বলত ১৫৫ ৰানৰ সহায়ত কালি মুম্বায়ে ৮ উইকেটত জয়লাভ কৰে।
ৰোহিতৰ ১৮টা চাৰি আৰু ৯টা ছয় সম্বলিত ইনিংছৰ জৰিয়তে মুম্বায়ে ৩০.৩ অ'ভাৰতে ২৩৭ ৰানৰ লক্ষ্য অতিক্রম কৰে। গ্রুপ 'চি'ৰ খেলখনত ছিকিমে প্রথমে বেট ধৰি ৫০ অভাৰত ৭ উইকেটত ২৩৬ ৰান কৰিছিল। ইফালে, বিজয় হাজাৰে টুফীত ১৫ বছৰৰ পাছত খেলিবলৈ নামি কোহলীয়ে আকর্ষণীয় শতৰানৰ মুখ দেখে। গ্রুপ 'ডি'ৰ খেলখনত প্রথমে বেট ধৰি অন্ধ্র প্রদেশে ৮ উইকেটত সংগ্ৰহ কৰে ২৯৮ ৰান। প্রত্যুত্তৰত দিল্লীয়ে কোহলীৰ ১৪টা চাৰি আৰু ৩টা ছয় সম্বলিত ১০১টা বলত ১৩১ ৰানৰ জৰিয়তে ৩৭.৪ অভাৰত ২৯৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰে।