ডিজিটেল ডেস্ক : পাকিস্তানৰ ক্ৰিকেটাৰ বাবৰ আজমৰ ৰেকৰ্ড ভাঙিলে বিৰাট কোহলীয়ে। আন্তর্জাতিক টি-২০ ক্রিকেটৰ পৰা অৱসৰ ল'লেও চুটি সংস্কৰণৰ খেলবিধত নিজৰ দমনীয় প্রদর্শন দাঙি ২০ ক্রিকেটত প্রথমে বেট ধৰি সবাতোকৈ বেছি অর্ধ-শতৰান কৰাৰ ৰেকৰ্ড গঢ়িলে কোহলীয়ে আৰু তেনেদৰেই তেওঁ বাবৰক অতিক্ৰম কৰে।
তেওঁ বৃহস্পতিবাৰে বেংগালুৰুত অর্ধ-শতৰান পূৰ কৰে। কোহলীৰ ৪২টা বলত ৭০ ৰানৰ জৰিয়তে বৃহস্পতিবাৰৰ আই পি এলৰ খেলখনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত ২০৫ ৰান কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ১৬৬.৬৭ ষ্ট্ৰাইক ৰেটৰ জৰিয়তে এইবাৰৰ আই পি এলত ঘৰুৱা খেলপথাৰত কোহলীৰ এয়াই আছিল প্রথম অর্ধ-শতৰান।
টি-২০ ক্রিকেটত প্রথমে বেট ধৰি কোহলীৰ এয়া হৈছে ৬২সংখ্যক অর্ধ-শতক। ইমানদিনে বাবৰৰ সৈতে যুটীয়াকৈ ১ নম্বৰ স্থানত আছিল কোহলী। দুয়োগৰাকীৰ নামত আছিল ৬১টা অর্ধ-শতৰানৰ ইনিংছ। উল্লেখযোগ্য যে এইবাৰৰ আই পি এলত এই পর্যন্ত ৩৯২ ৰান গোটাইছে কোহলীয়ে।