ডিজিটেল ডেস্ক: নিশাটোৰ ভিতৰতে আদৰ্শৰ সম্পূৰ্ণ পৰিপন্থী এটা দলৰ পৰা আন দললৈ জ্যেষ্ঠ নেতাৰ প্ৰৱেশ-প্রস্থানৰ ফলত 'নান অফ দা এব'ভ' (ন'টা) ভোটৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
২০১৩ চনত দেশৰ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগে ন'টা ভোটৰ অনুমতি দিছিল আৰু ২০১৪ চনৰ লোক সভা নির্বাচনত ভোটাৰে কোনো প্রার্থী বা দলক পচন্দ নকৰিলে ন'টাত মতদান কৰাৰ সুযোগ লাভ কৰে। শেহতীয়াকৈ ৰাজ্যত আদর্শহীন, মূল্যবোধহীন ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজ দিকভ্রান্ত হৈ পৰিবলগীয়া পৰিৱেশ সূচনা হোৱাৰ ফলত ন'টা ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈছে। কোনো এটা দলৰ জ্যেষ্ঠ নেতা বা প্রাক্তন সভাপতিয়ে আগদিনালৈ প্রতিপক্ষ ৰাজনৈতিক দল তথা দলটোৰ নেতাসকলৰ আদৰ্শ, ব্যক্তিত্বক চোকা ভাষাৰে সমালোচনা কৰি পিছদিনাই সেই প্রতিপক্ষ দলটোত যোগদান কৰাত তেওঁৰ সমৰ্থকসকলে দিক-বিদিক হেৰুৱাবলগীয়া পৰিৱেশ সৃষ্টি হৈছে।
ৰাজ্যত ন'টা ভোটৰ সংখ্যা প্রতিটো নির্বাচনতে বৃদ্ধি পাই আহিছে। ২০১৯ চনৰ লোক সভা নিৰ্বাচনত কোনো এজন প্রার্থীক পচন্দ নকৰা ন'টা ভোটাৰৰ সংখ্যা আছিল ১৬৮৩৫১ গৰাকী। ২০২৪ত এই ভোটৰ সংখ্যা বৃদ্ধি পালে ২৫৬৫৮০ লৈ। অর্থাৎ প্রায় ৯০ হাজাৰ ন'টা ভোট বৃদ্ধি পাইছিল। ভোটাৰ ৰাইজে কোনো এটা দলৰ আদৰ্শ আৰু প্রার্থীজনৰ ব্যক্তিত্বৰ বাবে ভোটদান কৰি জয়যুক্ত কৰে কিন্তু সেই প্রার্থীজনে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা লাখ লাখ ভোটাৰৰ ৰায়ক পিঠি দি আন দলত যোগ দিয়াৰ ঘটনা অসমত অতি সঘনাই হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ যি দলবাগৰা ৰাজনীতি আৰম্ভ হৈছে, তাৰ ফলত ভোটাৰে কি বিশ্বাস কৰি কোনো দল বা প্রার্থীক ভোটদান কৰিব সেই প্ৰশ্নৰ অৱতাৰণা হৈছে।
উল্লেখযোগ্য যে যোৱা লোক সভা নির্বাচনত লোক সভাৰ ডিব্ৰুগড় সমষ্টিত সর্বাধিক ৩২,২৫৫টা ভোট ন'টাত পৰিছিল। সমষ্টিটোত জাতীয়তাবাদী শিবিৰৰ পৰা গৈ ৰাজনৈতিক দলৰ দুই নেতা সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈৰ বাবে বহু ভোটাৰে যে কাক সমৰ্থন কৰি ভোটদান কৰাক লৈ বিবুধিত পৰিছিল সেই কথা স্পষ্ট হৈ পৰে। যাৰ ফলত আন সমষ্টিসমূহৰ তুলনাত সর্বাধিক সংখ্যক ভোটাৰে ডিব্ৰুগড় সমষ্টিত ন'টাত ভোটদান কৰে। আগতে কোনো সমষ্টিত প্রতিদ্বন্দ্বিতাত নমা প্রার্থীৰ অৰ্হতা, মিছা প্রতিশ্রুতি আদি কাৰনত কোনো প্রার্থীক পচন্দ নোহোৱাত ন'টাত ৰাইজে ভোটদান কৰিছিল। দীর্ঘদিন এটা আদৰ্শত ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা ৰাজনৈতিক নেতাসকলে হঠাৎ পাভলুটি মাৰি আন দললৈ গমন কৰা নেতাৰ সংখ্যা অসমত নির্বাচনৰ প্রাকক্ষণত ইমানেই বৃদ্ধি পাইছে যে আদৰ্শ ৰক্ষা কৰি থকা বহু সাধাৰণ ভোটাৰে প্রার্থী বা কোনো দলৰ সপক্ষে ভোটদান কৰাৰ পৰিৱৰ্তে ন'টাত ভোটদান কৰাৰ প্ৰৱণতা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিছে।
উল্লেখযোগ্য যে বর্তমানে জনপ্রিয়তাৰ তালিকাত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিনিধিত্ব কৰা শুৱালকুছি সমষ্টিক তেওঁ নির্বাচিত হোৱাৰ দিনৰে পৰা আধুনিক ৰূপ দিয়াই নহয় নিযুক্তি আদিৰ ক্ষেত্ৰতো পিছপৰি থকা নাই। তেনেক্ষেত্রত শুৱালকুছিৰ ২১৫৭ গৰাকী ভোটাৰে তেওঁক ভোট দিয়াৰ পৰিৱৰ্তে ন'টাত ভোট দান কৰিছিল ২০২১ৰ বিধানসভা নির্বাচনত যোৱা লোক সভা নির্বাচনত গুৱাহাটী লোক সভা সমষ্টিত ন'টাত ভোটদান কৰিছিল ২০১৩৯ গৰাকী ভোটাৰে।
সংখ্যালঘু প্রধান সমষ্টিত ন'টাত ভোটদানৰ প্ৰৱণতা কিছু পৰিমাণে কম সেই কথা প্রতিপন্ন কৰে যোৱা লোক সভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিত ন'টাত পৰা ভোটৰ সংখ্যাই। সমষ্টিটোত মাত্র ২৮৫১ গৰাকী ভোটাৰে কোনো প্রার্থী বা দলক পচন্দ নকৰি ন'টাত ভোটদান কৰিছিল। ডিফু সমষ্টি ন'টাত ভোটদান কৰি একপ্ৰকাৰ প্ৰাৰ্থী, দলসমূহৰ প্ৰতি ক্ষোভ প্রকাশ কৰিছিল ১৬১২৭ গৰাকী ভোটাৰে। শিলচৰ সমষ্টিত ন'টাত ভোটদান হৈছিল ১২৫৯৮ টা। কোকৰাঝাৰত ১৩৯১২টা, ধুবুৰীত ১৪৯১২ টা, বৰপেটাত ১৬৮৮৮ টা, দৰং-ওদালগুৰিত ২৩০৮৬ টা ভোট ন'টাত পৰিছিল। যোৰহাট লোক সভা সমষ্টিত ১৪৪৭৭ টা, নগাঁৱত ১১৯১০ টা, কাজিৰঙাত ২৪২১২টা ভোট ন'টাত পৰিছিল। বেলটত হোৱা ভোটদানত ভোটাৰে নিজৰ ভোট নষ্ট কৰাৰ সুবিধা পাইছিল।
ভোটকেন্দ্ৰত প্ৰৱেশ কৰাৰ পাছত ই ভি এমত ভোটাৰে নিজৰ ভোট নষ্ট কৰি নাকচ কৰাব নোৱাৰে সেয়েহে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ গ্রহণযোগ্য প্রার্থীৰ অভাৱ বা ৰাজনৈতিক দলক নস্যাৎ কৰিবলৈ ইচ্ছুক ভোটাৰে ন'টাত ভোটদান কৰে। শোণিতপুৰ সমষ্টিত তেনে ভোট পৰিছিল ১৮৫৩৫ টা, লখিমপুৰত ১৬৭১৬ টা। দল বাগৰি অদর্শহীন ৰাজনীতি কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফলত আহি থকা বিধানসভা নির্বাচনত নেতা বা দলৰ প্ৰতি মোহভংগ ঘটা ভোটাৰে দিয়া ন'টা ভোটৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।