খালী ভৰিৰে নিতৌ ২০ মিনিট খোজকাঢ়ক স্বাস্থ্যৰ বাবে উপকাৰী 

Jyoti Borah October 04, 2023

ডিজিটেল ডেস্কঃ খালী ভৰিৰে খোজকঢ়াটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি আগৰ দিনৰ বয়সস্থ লোকসকলে কোৱা প্ৰায়ে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু এতিয়া মানুহে খালী ভৰিৰে খোজকাঢ়িবলৈ যেন পাহৰিলেই৷ সকলোৱে ভৰিত জোতা-চেণ্ডেল নিপিন্ধাকৈ এক মুহূৰ্তও যেন থাকিব নোৱাৰে৷ সেয়েহে খালী ভৰিৰে খোজকঢ়াৰ অভ্যাস এতিয়া প্ৰায় নোহোৱা হৈ পৰিছে৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আমি পুৱা শুই উঠাৰ পাছত কমেও ২০ মিনিট খালী ভৰিৰে ঘাঁহনিত খোজকাঢ়িলে বহুখিনি উপকাৰ পোৱা যায়৷ খালী ভৰিৰে খোজকাঢ়িলে ভৰিৰ তলুৱাত চাপ পৰে৷ 

আচলতে আমাৰ শৰীৰ কেইবাটাও অংগৰ ‘প্ৰেছাৰ পইণ্ট’ হ’ল ভৰিৰ তলুৱাখন৷ ইয়াৰ ভিতৰত চকুও আছে৷ ভৰিৰ সঠিক বিন্দুত চাপ পৰিলে আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়৷ আনহাতে খালী ভৰিৰে ঘাঁহনিত খোজকাঢ়িলে ‘গ্ৰীন থেৰাপি’ পোৱা হয়৷ ইয়াৰ ফলত ভৰিৰ তলুৱাত থকা কোমল কোষৰ সৈতে জড়িত স্নায়ু সক্ৰিয় হৈ পৰে আৰু মগজুলৈকে ইয়াৰ সংকেত প্ৰেৰণ কৰে৷ ইয়াৰ ফলত এলাৰ্জীৰ সমস্যা নোহোৱা হয়৷ আনহাতে আমি যেতিয়া পুৱা ঘাঁহনিত খোজকাঢ়োঁ, তেতিয়া আমাৰ ভৰিৰ বাবে ই একপ্ৰকাৰৰ মালিচৰ কাম কৰে৷ ইয়াৰ ফলত ভৰিৰ মাংসপেশীসমূহ শিথিল হৈ পৰে৷ ইয়াৰ ফলত সৰু-সুৰা বিষ নোহোৱা হৈ পৰে৷ পুৱা ঘাঁহনিত খালী ভৰিৰে খোজকঢ়াটো মানসিক স্বাস্থ্যৰ বাবেও উপকাৰী৷ ইয়াৰ ফলত মন শিথিল হৈ পৰে আৰু চিন্তা তথা মানসিক চাপৰ পৰা মুক্ত হোৱাত সহায় কৰে৷ 

বহুতেই এটা কথা নাজানে যে পুৱাৰ এই অভ্যাসে আমাৰ শৰীৰৰ আন উপকাৰো সাধন কৰে৷ বহুমূত্ৰ ৰোগীৰ ঘা হ’লে শুকাওঁতে সময় লাগে৷ কিন্তু নিয়মীয়াকৈ খালী ভৰিৰে খোজকাঢ়িলে এই সমস্যাৰ পৰা সকাহ পাব পাৰি৷
 

Share This