ৰাজ্য সভাত গৃহীত হ’ল বহুচৰ্চিত ৱাকফ (সংশোধনী) বিধেয়ক

Rashmi April 04, 2025

ডিজিটেল ডেস্কঃ বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰা এটা বিষয় হ’ল ৱাকফ (সংশোধনী) বিধেয়ক। বুধবাৰে নিশা লোক সভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্য সভাত উত্থাপন কৰা ৱাকফ (সংশোধনী)-২০২৪ বিলখন ৰাজ্য সভাতো গৃহীত হয়। শাসক, বিৰোধীৰ  তীব্ৰ বাকযুদ্ধৰ মাজত বৃহস্পতিবাৰে গভীৰ নিশা ২-৩৩ বজাত ৰাজ্য সভাত গৃহীত হয় এই বিধেয়ক।

২৩৬ সদস্যৰ উচ্চ সদনখনত বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত ২২৩গৰাকী সাংসদেহে অংশগ্ৰহণ কৰে। এই বিলখনৰ সপক্ষে ১২৮গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে বিলখনৰ বিৰুদ্ধে ৯৫গৰাকী সাংসদেহে ভোটদান কৰে। ইয়াৰ বিপৰীতে ১৩গৰাকী সাংসদ ভোটদানৰ সময়ত অনুপস্থিত থাকে উচ্চ সদনত। 

এতিয়া এই বিধেয়কখন আইন হ’বলৈ মাত্ৰ এখোজ আঁতৰত। ৰাজ্য সভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব আৰু তাৰ পৰা অনুমোদন পোৱাৰ লগে লগে এই বিধেয়কখনে আইনৰ ৰূপ ল’ব। 

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে এই বিধেয়কখনত বহু অভাৱ আৰু ত্ৰুটী আছে। চৰকাৰে এই বিধেয়কখন আনিছে মুছলমান সমাজক হাৰাশাস্তি কৰিবলৈ। তেওঁ কয় যে ৱাকফ ব’ৰ্ড সন্দৰ্ভত আইন পূৰ্বৰে পৰা আছে আৰু ইয়াক সলনি কৰিব পাৰি। নতুন বিলৰ প্ৰয়োজন নাই। বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈও খৰ্গে চৰকাৰক আৱেদন জনায়।

বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে কয় যে চৰকাৰে এই বিধেয়কখন সততাৰে কাম কৰিছে আৰু মুছলমান সমাজৰ কল্যাণৰ বাবে এই বিধেয়কখন দাখিল কৰা হৈছে।

উল্লেখ্য যে ৱাকফ শব্দৰ অৰ্থ হৈছে মুছলমানসকলে ধৰ্মীয়, শৈক্ষিক বা দাতব্য কাৰণত কৰা দান ।

বৰ্তমানৰ ৱাকফ আইন মতে, ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত সম্পত্তিবোৰ বুজায় । আনহাতে, এই সম্পত্তিৰ আন যিকোনো ব্যৱহাৰ বা বিক্ৰী নিষিদ্ধ কৰিছে ।

ৱাকফ ঘোষণা কৰা সম্পত্তি এটা উত্তৰাধিকাৰীসূত্ৰে, উপহাৰ হিচাপে প্ৰদান বা বিক্ৰী কৰিব নোৱাৰি। 'ৱাকিফ' হৈছে এগৰাকী ব্যক্তি, যিয়ে হিতাধিকাৰীৰ বাবে ৱাকফ সৃষ্টি কৰে । 

যোৱা ২০২৪ চনৰ 8 আগষ্টত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোক সভাত উত্থাপন কৰা হৈছিল। বিধেয়কখনক লৈ যথেষ্ট বিতৰ্ক হোৱাৰ পাছত সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখন প্ৰেৰণ কৰা হৈছিল। 

ৱাকফ ব'ৰ্ড হৈছে সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰে'লৱেৰ পিছত ভাৰতৰ সৰ্ববৃহৎ ভূমিৰ মালিক।


উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This