আইনত পৰিণত ৱাকফ (সংশোধনী) বিধেয়ক

Rashmi April 06, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক। ইতিমধ্যে সংসদৰ দুয়োখন সদনত গৃহীত হৈছে বিধেয়কখন। সংসদৰ বাজেট অধিৱেশনৰ সময়ত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ত সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰায় ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ (সংশোধনী) বিধেয়কত স্বাক্ষৰ কৰে। 

উল্লেখযোগ্য যে ১২ ঘণ্টীয়া আলোচনাৰ অন্তত ৩ এপ্ৰিলৰ ৰাতি ২ বজাত লোক সভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছিল। এই বিধেয়কখন সপক্ষে ২৮৮টা আৰু বিপক্ষে ২৩২টা ভোট লাভ কৰি গৃহীত হয়। ইফালে ৪ এপ্ৰিলৰ মাজনিশা ৰাজ্য সভাতো ৱাকফ বিধেয়কখন গৃহীত হয়।ৰাজ্যসভাতো ৱাকফ বিধেয়কখন ১২৮ ভোটৰ বিপৰীতে ৯৫ ভোটত গৃহীত হয়।

এই নতুন আইনখনৰ অনুসৰি ইচ্ছামতে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব ৱাকফে। ৱাকফ সেই মাটিৰ মালিক হয় নে নহয় সেই সন্দৰ্ভত জিলা দণ্ডাধীশে ল’ব চূড়ান্ত সিদ্ধান্ত। লগতে এই বিধেয়কত অন্তৰ্ভুক্ত আছে ঐতিহাসিক স্থানসমূহ সুৰক্ষিত ৰখা, সমাজ উন্নতি সাধন কৰা, মুছলিম বিধৱা মহিলাসকলক সুৰক্ষা প্ৰদান কৰা আদি।

Share This