ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পৰিল

dainik janambhumi May 07, 2026

ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পৰাৰ কথা ঘোষণা কৰে আমেৰিকাই। আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিয়'ই কয় যে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযানৰ অন্ত পৰিছে। তেওঁ লগতে কয় যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত চলোৱা 'অপাৰেশ্যন এপিক ফিউৰি'য়ে নিজৰ সকলো লক্ষ্য পূৰণ কৰাৰ পাছত সমাপ্ত কৰা হৈছে। অৱশ্যে যুদ্ধৰ সম্পূৰ্ণৰূপে অন্ত পৰা নাই বুলি উল্লেখ কৰি ৰুবিয়'ই হোৱাইট হাউছত সাংবাদিকৰ আগত কয়, আমেৰিকাই কোনো ধৰণৰ নতুন সংঘৰ্ষ বিচৰা নাই আৰু শান্তিৰ পথ সকলোতকৈ উত্তম বুলি গণ্য কৰে। বিদেশ সচিবজনে কয় যে শান্তিৰ বাবে ইৰানে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ পাৰমাণৱিক কাৰ্যসূচীৰ লগত সম্পর্ক থকা দাবী মানিব লাগিব আৰু হৰমুজ প্রণালী মুকলি কৰি দিব লাগিব। 

ইফালে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে তেওঁৰ দেশে হৰমুজ প্রণালীৰে শান্তিপূর্ণভাৱে জাহাজৰ চলাচল কৰিবলৈ বিচাৰিছে, কিন্তু প্রয়োজনত ব্যৱস্থা গ্রহণ কৰাও হ'ব। ইৰানে সামুদ্রিক পথটো বন্ধ কৰি ৰখাৰ ফলত ২৩ হাজাৰ নাবিক আবদ্ধ হৈ থকা বুলি ৰুবিয় 'ই কয়। হৰমুজ প্রণালী খোলাৰ বাবে চীনে ইৰানক চাপ দিব বুলি আশা কৰে ৰুবিয় 'ই। ইফালে ৰুবিয়'ৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে মঙলবাৰে নিশা কৰা এটা ঘোষণাই মধ্য প্রাচালৈ শান্তি উভতি অহাৰ আশাৰ বতৰা কঢ়িয়াই আনে। হৰমুজ প্রণালী সকলো জাহাজৰ বাবে মুকলি কৰাৰ বাবে সোমবাৰৰ পৰা আৰম্ভ কৰা 'প্রজেক্ট ফ্রীডম'ৰ মঙলবাৰে নিশা অন্ত পৰা বুলি তেওঁ ঘোষণা কৰে। এই অভিযানৰ সময়ত মার্কিন সেনাই মাত্র তিনিখন জাহাজহে সংকীর্ণ সামুদ্রিক পথটো পাৰ কৰে। উল্লেখযোগ্য যে ট্রাম্পে এই অভিযান আৰম্ভ কৰাৰ পাছত ইৰানে প্রণালীটো অৱৰোধ কৰি ৰখা মার্কিন যুঁজাৰু জাহাজত আক্রমণ কৰে। উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছৰে পৰা হৰমুজ প্রমালী বন্ধ হৈ আছে আৰু ইয়াৰ ফলত প্রায় ১৫৫০খন বাণিজ্যিক জাহাজ তাত আবদ্ধ হৈ আছে। ইফালে আন এটা বাতৰিৰ পৰা জনা মতে, আমেৰিকা আৰু ইৰান যুদ্ধৰ অন্ত পেলোৱা আৰু পাৰমাণৱিক কার্যসূচীক লৈ এটা সিদ্ধান্তত উপনীত হোৱাৰ দিশত একেবাৰে কাষ চাপিছে। দুয়োখন দেশৰ মাজত ১৪ দফীয়া চুক্তি প্রস্তুত কৰা হৈছে যদিও চূড়ান্ত কৰা হোৱা নাই। 

প্রস্তাৱিত এই ১৪ দফীয়া চুক্তিত থকা বিষয়সমূহ হ'ল সর্বপ্রথমে যুদ্ধৰ অন্ত পৰা বুলি ঘোষণা কৰা হ'ব, ৩০ দিন পর্যন্ত দুয়োখন দেশৰ মাজত বিস্তৃত আলোচনা হ'ব, ইয়াত হৰমুজ প্রণালী, পাৰমাণৱিক কাৰ্যসূচী আৰু আমেৰিকাৰ নিষেধাজ্ঞাক লৈ আলোচনা কৰা হ'ব। দুয়োখন দেশে ইছলামাবাদ অথবা জেনেভাত আলোচনাত মিলিত হ'ব। প্ৰস্তাৱিত চুক্তি অনুসৰি ইৰানে কিছু সময়ৰ বাবে নিজৰ পাৰমাণবিক কাৰ্যসূচী স্থগিত ৰাখিব আৰু ইয়াৰ প্রত্যুত্তৰত আমেৰিকাই ইৰানৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা পর্যায়ক্রমে প্রত্যাহাৰ কৰিব। ইয়াৰ লগতে বাজেয়াপ্ত কৰি ৰখা সম্পত্তিসমূহ ঘূৰাই দিব। ইৰানে পাঁচ বছৰৰ বাবে পাৰমাণৱিক কাৰ্যসূচী স্থগিত ৰাখিবলৈ বিচাৰিছে, আমেৰিকাই বিচাৰিছে ১৫ বছৰলৈ স্থগিত ৰখাটো। ট্রাম্পৰ ইৰান আক্রমণ ব্যর্থঃ চি এন এনে প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে আমেৰিকাই ইৰানৰ বিৰুদ্ধে ৪২ দিনীয়া যুদ্ধত কোটি কোটি ডলাৰৰ অস্ত্ৰ ব্যৱহাৰ কৰে যদিও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে। চি এন এনে কেইবাটাও ৱেবছাইটত প্রকাশ পোৱা বাতৰি তথা চোৰাংচোৱাৰ তথ্য বিশ্লেষণ কৰি এই মত পোষণ কৰে। বাতৰিটোত এই বুলি দাবী কৰা হৈছে যে ইৰানৰ পাৰমাণৱিক যোগান শৃংখলাৰ গুৰুত্বপূৰ্ণ অংশবোৰে কাম কৰি আছে। আমেৰিকাৰ আক্রমণত কিছুমান স্থানত ক্ষতি হ'লেও ভালেমান গুৰুত্বপূর্ণ অংশ এতিয়াও সুৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত সম্পূৰ্ণৰূপে সমৃদ্ধ নোহোৱা ইউৰেনিয়ামৰ ভাঙাৰো আছে। আটাইতকৈ বেছি উদ্বেগৰ সৃষ্টি কৰিছে ইছফাহানত থকা পাৰৰ্মাণৱিক প্রকল্পই। ইয়াত গভীৰ সুৰংগত সুৰক্ষিতভাৱে ইউৰেনিয়ামখিনি ৰখা হৈছে। বাতৰিটোৰ মতে ইৰানে ৯ মাহৰ ভিতৰত পাৰমাণবিক বোমা তৈয়াৰ কৰিব পাৰে।

Share This