ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধই ১৯ দিনত ভৰি দিয়াৰ পাছতো উত্তেজনা হ্রাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইয়াৰ বিপৰীতে যুদ্ধ অধিক বিধ্বংসী হৈ পৰাহে দেখা পোৱা গৈছে। ইয়াৰ মাজতে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে ইজৰাইলী প্রতিৰক্ষা বাহিনীক (আই ডি এফ) বিশেষ ক্ষমতা দিয়ে। ইয়াৰ অধীনত এতিয়া আই ডি এফে কোনো ধৰণৰ আগতীয়াকৈ অনুমতি নোলোৱাকৈ ইৰানৰ যিকোনো স্থানত যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্রীজনে এই কথা প্রকাশ কৰে। আই ডি এফে বোমাবৰ্ষণ কৰি ইৰানৰ চোৰাংচোৱা বিভাগৰ মন্ত্ৰী ইছমাইল খতীতক হত্যা কৰাৰ পাছতে প্রধানমন্ত্রী নেটান্যাহুৱে এই সিদ্ধান্ত লয়। ইয়াৰ ফলত আই ডি এফে ইৰানত এতিয়া আন এক গাজাত পৰিণত কৰাৰ আশংকা বৃদ্ধি পাইছে। ইৰানৰ বাবে খাতিবৰ হত্যা ইৰানৰ বাবে বিগত ২৪ ঘণ্টাত আন এক মোক্ষম আঘাত আছিল।
উল্লেখযোগ্য যে ইয়াৰ আগতে ইৰানৰ সৰ্বোচ্চ নিৰাপত্তা পৰিষদৰ মুৰব্বী আলু লাৰিজানিক আই ডি এফে বোমা বৰ্ষণ কৰি হত্যা কৰিছিল। আই ডি এফে কৰা এই আক্রমণটোত লাৰিজানিৰ পুত্র মোতর্জা লাৰিজানিও নিহত হয়। উল্লেখযোগ্য যে ইৰানে প্রথমে লাৰিজানিক হত্যা কৰাৰ কথা অস্বীকাৰ কৰিছিল। কালি দেশখনে এই কথা নিশ্চিত কৰাৰ লগতে লাৰিজানি আৰু তেওঁৰ পুত্ৰৰ কফিন ৰাজহুৱাভাৱে প্রদর্শন কৰে। লাৰিজানিক দেশখনৰ হাজাৰ হাজাৰ লোকে শ্রদ্ধা জনোৱা দেখা পোৱা গৈছে। লাৰিজানিৰ হত্যাৰ পাছত ইৰানৰ যুদ্ধ কৌশলত বহুখিনি প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। লাৰিজানি ইৰানৰ আটাইতকৈ প্রভাৱশালী নেতাসকলৰ ভিতৰত অন্যতম আছিল।
সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ হত্যাৰ পাছত তেওঁ ইৰানক নেতৃত্ব দিছিল। ইফালে, আমেৰিকা আৰু ইজৰাইলৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰা খাতিব এজন চোৰাংচোৱা বিষয়াই নহয় এজন বিপজ্জনক নীতি নির্ধাৰক বুলিও কোৱা হৈছে। আমেৰিকা আৰু সহযোগী দেশত কৰা চাইবাৰ আক্ৰমণৰ নেটৱৰ্ক খাতিবে পৰিচালনা কৰা বুলিও প্রকাশ পাইছে। ইয়াৰ লগতে ইৰানত মানৱাধিকাৰ কৰ্মী, সাংবাদিক আৰু ধর্মীয় সংখ্যালঘুক অতি ক্রুৰতাৰে দমন কৰা বুলিও তেওঁৰ বিৰুদ্ধে অভিযোগ আছে। খাতিবে ইজৰাইলৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত গোপন নথি-পত্ৰ চুৰ কৰা বুলিও প্রকাশ পাইছিল।