ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ অঞ্চলত পুনৰ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে। বৃহস্পতিবাৰৰ পৰা শনিবাৰৰ পুৱালৈকে আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ আক্ৰমণ-প্রত্যাক্রমণ আৰম্ভ হৈছে। ইৰানৰ ইছলামিক ৰিভলুশ্যনেৰী গার্ড কর্পছে (আই আৰ জি চি) দাবী কৰিছে যে ইৰানৰ উপকূলীয় অঞ্চলত আমেৰিকাৰ বিমান আক্ৰমণৰ প্ৰত্যুত্তৰত তেওঁলোকে শনিবাৰে মার্কিন সামৰিক ঘাটিত আঘাত হানিছে। কেইদিনমান পূর্বে স্বাক্ষৰ হোৱা যুদ্ধ-বিৰতি চুক্তি চলি থকাৰ সময়তে দুয়োখন দেশ পুনৰ আক্রমণাত্মক হৈ পৰিছে। বৃহস্পতিবাৰে হৰমুজ প্রণালীত আমেৰিকাৰ এখন মালবাহী জাহাজক লক্ষ্য কৰি ইৰানে আক্রমণ কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ এই আক্রমণক যুদ্ধ-বিৰতি চুক্তিৰ উলংঘন আখ্যা দি প্রত্যাক্ৰমণৰ হুংকাৰ দিছিল। কেইঘণ্টামানৰ পাছতেই ইৰানৰ উপকূলীয় অঞ্চলত থকা সামৰিক ঘাটিক লক্ষ্য কৰি আমেৰিকাই শুকুৰবাৰে বিমান আক্রমণ চলায়।
মার্কিন সেনাৰ চেন্ট্রেল কমাণ্ড, চেণ্টকমে এই আক্ৰমণৰ তথ্য নিশ্চিত কৰে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পেও ভিডিঅ' জাৰি কৰি এই আক্ৰমণৰ ছবি প্রকাশ কৰে। আক্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে হোৱাইট হাউছত কয় যে বৃহস্পতিবাৰে ইৰানে চলোৱা আক্রমণ নিন্দনীয় আৰু ইয়াৰ প্রত্যুত্তৰ তেওঁলোকে দিবই। সাংবাদিকে এই সামৰিক অভিযান যুদ্ধ-বিৰতি সত্ত্বেও কিয় চলাব বুলি প্রশ্ন কৰাত ট্রাম্পে কয় যে তেহৰানৰ সৈতে শান্তি আলোচনা চলি থকা বিষয়টো হৈছে এটা পৃথক প্রক্রিয়া। ইয়াৰ পাছতেই দক্ষিণ ইৰানৰ নৌ সেনাৰ ঘাটিত আমেৰিকাই বিমান আক্রমণ চলায়। আনহাতে, মার্কিন আক্ৰমণৰ প্ৰত্যুত্তৰত শনিবাৰে ইৰানে বাহৰেইনত থকা মার্কিন নৌ সেনাৰ ঘাটিত ড্র'নবে আক্রমণ কৰে।
বাহৰেইনস্থিত মার্কিন নৌ সেনাই এই আক্রমণক গৰিহণা দি কয় যে এয়া হৈছে যুদ্ধ-বিৰতি চুক্তিৰ গুৰুতৰ উলংঘন। বাহৰেইনে ইৰানৰ ওপৰত অভিযোগ আনি কয় যে শনিবাৰে ইৰানী সেনাই দ্বীপ ৰাষ্ট্ৰখনক লক্ষ্য কৰি সেইবাটাও ড্র'ন আক্ৰমণ কৰিছে। বাহৰেইনৰ বিদেশ মন্ত্র্যালয়ে দাবী কৰে যে দেশখনক লক্ষ্য কৰি শনিবাৰে ইৰানে কেইবাটাও ড্র'ন আক্ৰমণ কৰিছে। আনহাতে, ইৰানৰ কুৰ্দিছ বিৰোধী গোটৰ দখলত থকা ইৰাকৰ এৰ্বিল অঞ্চলতো শনিবাৰে ইৰানে ড্র'ন আক্রমণ সংঘটিত কৰে। সংবাদ প্রতিষ্ঠান ৰয়টাছে এই বাতৰি পৰিৱেশন কৰিছে।