যুদ্ধ বলিউডৰ চিনেমা নহয়

dainik janambhumi May 13, 2025

ডিজিটেল ডেস্ক : ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ-বিৰতিক লৈ প্রশ্ন উত্থাপন কৰা লোকসকলক সমালোচনা কৰি ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী জেনেৰেল মনোজ নৰবানেয়ে কয় যে যুদ্ধ ৰোমাণ্টিক নহয়, যুদ্ধ বলিউডৰ চিনেমাও নহয়। দেওবাৰে পুনেত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জেনেৰেল নৰৱানে কয় যে তেওঁক প্রস্তাব দিলে তেওঁ যুদ্ধলৈ যাব, কিন্তু কূটনীতি হ'ব তেওঁৰ প্ৰথম পচন্দ। সেনাৰ প্রাক্তন মুৰব্বীজনে কয় যে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ শিবিৰ আৰু আন্তঃগাঁথনিত ভাৰতীয় সে সেনাই কৰা আক্রমণৰে আৰম্ভ হোৱা তথা পাছৰ চাৰি দিন প্রবল বিমান আৰু কিছু স্থল সংঘর্ষেৰে যোৱা সপ্তাহটো এটা অশান্ত সপ্তাহ আছিল। 

তেওঁ কয়, 'অৱশেষত সামৰিক কাৰ্যকলাপৰ সাময়িক বিৰতি ঘোষণা হ'ল। মই দোহাৰিবলৈ বিচাৰোঁ যে ই কেৱল সামৰিক অভিযানৰ সাময়িক বিৰতিহে, যুদ্ধ-বিৰতি নহয়। দেখা যাওক আগন্তুক দিন আৰু সপ্তাহত কি হয়।' তেওঁ উল্লেখ কৰে যে সামৰিক সংঘৰ্ষৰ স্থগিতকৰণত বহু লোকে প্রশ্ন উত্থাপন কৰিছে। তেওঁ কয়, 'যদি আপোনালোকে প্রকৃত বাস্তৱ আৰু সংখ্যা-পৰিমাণবোৰৰ কথা বিবেচনা কৰে, বিশেষকৈ যুদ্ধৰ ব্যয়, আপোনালোকে উপলব্ধি কৰিব যে ক্ষতি অতি বৃহৎ আৰু বহন দুঃসাধ্য হোৱাৰ আগতে জ্ঞানী লোকে যুদ্ধৰ-বিৰতিৰ এনে আহ্বান জনায়।' তেওঁ আৰু কয়, 'কেবল সন্ত্রাসবাদীৰ আন্তঃগাঁথনিয়েই নহয়, তেওঁলোকৰ ভূখণ্ডৰ বিমানক্ষেত্ৰতো আক্ৰমণ কৰাৰ যোগেদি, এনে বাটেৰে গৈ থাকিলে তেওঁলোকৰ ক্ষতি যে অতি বেছি সেই কথা পাকিস্তানৰ আগত আমি প্রমাণ কৰি দিলোঁ বুলি মই ভাবোঁ। 

অৱশেষত তেনে কার্যই তেওঁলোকৰ ডি জি এম অ' (সামৰিক অভিযান সঞ্চালক প্রধান)ক যুদ্ধ-বিৰতিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিবলৈ আমাৰ ডি জি এম অ'লৈ ফ'ন কৰিবলৈ বাধ্য কৰালে।' তেওঁ আৰু কয় যে তৃতীয় এটা দিশো আছে, সামাজিক উপাদান। তেওঁ কয়, 'মই শক্তি আৰু ধ্বংসৰ কথা ক'লোঁ, কিন্তু সামাজিক ক্ষেত্রত হানি হোৱা প্ৰাণৰ কথাও আছে- যিসকল শিশুরে পিতৃ-মাতৃক হেৰুৱায় বা সীমান্ত অঞ্চলত গোলাবর্ষণত যিসকলৰ মৃত্যু হয়। কোনেও সেইধৰণৰ ধ্বংসৰ হিচাপ নকৰে।' তেওঁ কয় যে যিসকলে নিজৰ আপোনজনক হেৰুৱায়, সেই ঘা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই ফুৰে।

Share This