ডিজিটেল ডেস্ক: পুনৰ অগ্নিগর্ভ পৰিস্থিতিৰ দিশে মধ্যপ্রাচ্য। ইৰান আৰু আমেৰিকাৰ মাজত যুদ্ধ বন্ধ কৰি শান্তি স্থাপনৰ উদ্দেশ্যে চলি থকা আলোচনা-প্রক্রিয়া ব্যর্থ হোৱাৰ পাছতে যুদ্ধৰ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্রবল হৈ পৰিল।
আমেৰিকাৰ হোৱাইট হাউছত শনিবাৰে প্ৰায় দুঘণ্টা জুৰি হোৱা শান্তি আলোচনা মনঃপুত নেহোৱাত ক্ষুব্ধ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শান্তি চুক্তিত অনুমোদন নজনোৱাকৈয়ে বৈঠক ত্যাগ কৰে। ইয়েই কিছুদিন ধৰি শান্ত হৈ থকা মধ্যপ্রাচ্যৰ ক্ষয়ংকৰী যুদ্ধখন পুনৰ ব্যাপক ৰূপত আৰম্ভ হোৱাৰ ইংগিত দিলে। হোৱাইট হাউছৰ এটা শীর্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আমেৰিকাৰ বাবে ভাল হ'ব পৰা এখন চুক্তিতহে ৰাষ্ট্ৰপতি ট্রাম্পে অনুমোদন জনাব। তদুপৰি, ট্রাম্পে কেতিয়াও ইৰানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থকাটো গ্ৰহণ কৰিব নোৱাৰে বুলিও সূত্ৰটোৱে কয়। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্রাম্প চুক্তিৰ চৰ্তসমূহত সন্মত হ'ব নোৱৰাৰ বাবেই আলোচনা-প্রক্রিয়া কার্যতঃ বন্ধ হৈ পৰিল।
উল্লেখযোগ্য যে আলোচনাত বহাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল যে যুদ্ধ-বিৰতি সন্দৰ্ভত এটা চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ বাবেই তেওঁ এই আলোচনাত অংশ ল'ব। কিন্তু পৰৱৰ্তী সময়ত তাৰ ওলোটা দৃশ্যহে দেখা গ'ল। পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পে 'ট্রুথ ছ'চিয়েল'ত প্রকাশ কৰিছিল যে ইৰানে হৰমুজ প্রণালীত স্থাপন কৰা মাইনসমূহ আঁতৰাব লাগিব আৰু হৰমুজেৰে জাহাজ পৰিবহণত জাৰি কৰি ৰখা প্রতিবন্ধকতা উঠাই ল'ব লাগিব। তদুপৰি, দেশখনে ইউৰেনিয়ামৰ ভাণ্ডাৰসমূহ উলিয়াই ধ্বংস কৰি পেলাব লাগিব। তেতিয়াহে ইৰানৰ সম্পত্তিসমূহ ঘূৰাই দিয়া হ'ব বুলিও ট্রাম্পে উল্লেখ কৰিছিল। ইফালে, আমেৰিকাই জব্দ কৰি ৰখা ১২ বিলিয়ন ডলাৰৰ সম্পদ তাৎক্ষণিকভাৱে মোকলাই দিবলৈ ইৰানে দাবী জনাইছে। তেতিয়াহে ভৱিষ্যতে আলোচনাৰ পথ খোলা থাকিব বুলিও তেহৰানে সকীয়াই দিয়ে। আনফালে, আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত শেহতীয়াকৈ সংযুক্ত আৰব আমীৰ শ্বাহীয়েও (উই এ ই) পূৰ্ণ শক্তিৰে জঁপিয়াই পৰিছে। এইবাৰ ইৰানত ক্ষেপণাস্ত্র আক্রমণ চলালে ইউ এ ইয়ে।
উল্লেখযোগ্য যে আমেৰিকাক সামৰিক ঘাটি স্থাপন কৰিবলৈ দি ইউ এ ইয়ে ইৰানত আক্ৰমণ কৰিবলৈ সহজ কৰি দিয়াৰ অভিযোগ তুলি তেহৰানে ইউ এ ইত আক্রমণ চলাইছিল। মূলতঃ মার্কিন সামৰিক ঘাটিসমূহক লক্ষ্য কৰিয়ে আছিল এই আক্রমণ। কিন্তু তাৰ বিপৰীতে ইউ এ ইয়ে ইৰানত ক্ষেপণাস্ত্র আক্রমণেৰে নিজে যুদ্ধত নামি পৰিল। আনহাতে, কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বর্তমান পৰিস্থিতিত ইৰান ভ্রমণ নকৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে। তদুপৰি, ইৰানত থকা ভাৰতীয়সকলকো 'ইণ্ডিয়ান মিছন'ৰ সহযোগত দেশলৈ ঘূৰি অহাৰ আহ্বান জনাইছে।