সোণ হৈ জিলিকিছে ৰিয়ান পৰাগ; দেওধৰ ট্ৰফীত পুনৰ শতক অৰ্জন ৰিয়ানৰ

Jyoti Borah August 01, 2023

ডিজিটেল ডেস্কঃ পুনৰ ঘৰুৱা ক্ৰিকেটত উজ্জ্বলি উঠিছে ৰিয়ান পৰাগ৷চলি থকা দেওধৰ ট্ৰফীত পুনৰ এবাৰ ৰাজস্থান ৰয়েলছৰ অল-ৰাউণ্ডাৰগৰাকীয়ে শতক অৰ্জন কৰে। বৰ্তমান দেওধৰ ট্ৰফীত ইষ্ট জ’নৰ হৈ খেলি থকা পৰাগে ৬৮টা বলত অপৰাজিত ১০২ ৰান সংগ্ৰহ কৰি ইনিংছ সমাপ্ত কৰে।

আজি ক্ৰিকেট এছ’চিয়েশ্যনৰ পুডুচেৰী খেলপথাৰত ৬৮টা বলৰ ইনিংছত পৰাগে ৬টা চাৰি আৰু ৫টা ছিক্সাৰ কোবাই দলটোক ৩১৯/৭ ৰাণত উপনীত হোৱাত সহায় কৰে৷

লক্ষণীয়ভাৱে উৎকর্ষ সিঙে ৫২ বলত ৫০ ৰান সংগ্ৰহ কৰে, উইকেটকীপাৰ বেটছমেন কুমাৰ কুশাগ্ৰয়ো ৪৭টা ডেলিভাৰীত অৰ্ধশতক অৰ্জন কৰে, ইফালে বিৰাট সিঙেও অৰ্ধশতক অৰ্জন কৰে।

ৰিয়ান পৰাগৰ এই উজ্জ্বল প্ৰদৰ্শনক লৈ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷২১ বছৰীয়া ৰিয়ানে ১০২ ৰান কৰাৰ পাছত টুইটাৰত ধুমুহাৰ দৰে অনুৰাগীয়ে পৰাগৰ ন’কক প্ৰশংসা কৰে৷

চলি থকা মেচখনৰ কথা ক’বলৈ গ’লে ইষ্ট জ’নে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ পথ বাছি লয়। ৫০ অভাৰৰ ইনিংছত ৩১৯ ৰান সংগ্ৰহ কৰি পশ্চিম মণ্ডলৰ বিৰুদ্ধে খেলখনৰ ইনিংছ সমাপ্ত কৰে।

Share This