ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ এতিয়াও বহু অঞ্চলত খোৱাপানীৰ সমস্যা অব্যাহত আছে। ৰাইজে এতিয়াও দৈনিক পানী ক্রয় কৰিয়েই নিত্য কাম সম্পন্ন কৰিবলগীয়া হৈছে। কিন্তু ইয়াৰ পাছতো গুৰুত্ব নাই চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষৰ। মহানগৰীৰ দক্ষিণ-পূব পানী যোগান আঁচনিৰ পানী যোগান প্ৰকল্পৰ কাম এতিয়াও আগবঢ়া নাই। ফলত পাঞ্জাবাৰীৰ লগতে এটা বৃহৎ অঞ্চলৰ ৰাইজে খোৱাপানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। ৰহস্যজনকভাৱে এই পানী যোগান আঁচনিখন এতিয়াও আৰম্ভ নকৰাক লৈ স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ক্ষুব্ধ হৈ পৰিছে।
উল্লেখযোগ্য যে গুৱাহাটীৰ দক্ষিণ পূব পানী যোগান অভিলাষী আঁচনিখনৰ কাম চৰকাৰে ২০১৩ চনতে আৰম্ভ কৰিছিল। কিন্তু আজি পর্যন্ত কাম শেষ কৰিব নোৱৰা তথা ৰাইজক খোৱাপানী যোগান ধৰিব নোৱৰাত ৰাইজে ক্ষোভ প্রকাশ কৰিছে। দক্ষিণ- পূব পানী যোগান আঁচনিখনৰ পানীৰ ভঁৰাল নির্মাণ কৰাৰ কাৰণে পাঞ্জাবাৰীৰ নৱজ্যোতি পাহাৰৰ ওপৰত থকা পতিত মাটিত কেৱল এখন ছাইন ব'র্ডহে আছে। মহানগৰীৰ হোমিওপেথিক কলেজ পথ উন্নয়ন সমিতিৰ দেওবাৰে বার্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। এই সভাত অঞ্চলটোৰ ৰাইজে দক্ষিণ-পূব পানী যোগান আঁচনিখন ৰূপায়ণত চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষোভ প্রকাশ কৰে। সভাত চৰকাৰক অতি শীঘ্রেই বৃহত্তৰ পাঞ্জাবাৰীৰ লগতে হোমিঅ'পেথিক কলেজ পথৰ বাসিন্দাক ঘৰে ঘৰে পানী যোগান ধৰাৰ কাৰণে গৃহ সংযোগী পানীৰ পাইপ পুতিবলৈ দাবী জনায়। লগতে এই অঞ্চলৰ ৰাইজে সাময়িকভাৱে খোৱাপানীৰ তাৎক্ষণিক ব্যৱস্থা হিচাপে ছয়মাইল অঞ্চলৰ জাইকাৰ পানীৰ পাইপত সংযোগ কৰি ২০২৬ চনৰ নিৰ্বাচনৰ আগতে খোৱাপানী পোৱাৰ সু-ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
ইফালে কলাক্ষেত্ৰৰ সন্মুখৰ জিলিকা পথছোৱাৰ পৰা হোমিঅ'পেথিক কলেজ পথৰ কিছু অংশ লোকনির্মাণ বিভাগে পথটো নিৰ্মাণ কৰিলেও হোমিঅ'পেথিক কলেজ পথৰ আধা অংশৰ কাম বাকী আছে। উক্ত বাকী অংশৰ নলা আদি পথছোৱাৰ অৱস্থা তেনেই জৰাজীৰ্ণ হৈছে। সেয়েহে উক্ত বাকী অংশ পথছোৱা চৰকাৰক অতি সোনকালে নিৰ্মাণ কৰিবলৈ সভাই দাবী জনায়। সভাত আগন্তুক বৰ্ষৰ কাৰণে ১৫ জনীয়া এখন কার্যনির্বাহক সমিতি গঠন কৰা হয়। উক্ত সমিতিৰ সভাপতি সৌমেন তালুকদাৰ, উপ-সভাপতি ভূপেন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক কুমাৰ বিনোদ কুমাব হাজাৰিকাকে আগন্তুক কার্যকালৰ বাবে নিৰ্বাচিত কৰে।