ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ভাৰতীয় সামৰিক আক্ৰমণক প্রতিহত কৰাৰ ক্ষেত্ৰত পাকিস্তানক তুৰস্কই সহায় কৰাৰ বাবে ভাৰতত সৰ্বত্ৰ তুৰস্ক-বিৰোধী প্রবল প্রতিবাদ আৰম্ভ হৈছে। ইয়াৰ পাছতো তুৰস্কৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে আকৌ ইছলামাবাদক সমর্থন দিয়াৰ কথা দোহাৰিছে। তুৰস্কৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে দ্বিতীয়বাৰৰ বাবে পাকিস্তানী প্রধানমন্ত্রী শেহবাজ শ্বৰীফক কয় যে ভাল আৰু বেয়া সময় দুয়োটাতে তুৰস্কই পাকিস্তানৰ কাষত থিয় দিব।
ভাৰতত তুৰস্কৰ সামগ্রী বৰ্জনৰ বাবে দেশজুৰি আহ্বান জনোৱাৰ পাছতো তুৰস্কৰ ৰাষ্ট্ৰপতিজনৰ এই মন্তব্য লক্ষণীয় হৈ পৰিছে। তুৰস্কই কেৱল পাকিস্তানক ড্র'ন যোগান ধৰিয়েই শান্ত থকা নাই, দেশখনে ভাৰতৰে পাকিস্তানৰ শেহতীয়া সংঘৰ্ষত পাকিস্তানক পৰিচালনাতো সহায় কৰিছিল। বাষ্ট্রপতি এৰ্ডোগানে কয় যে বিগত সময়ত পাকিস্তানৰ ভাল দিনতো তুৰস্ক দেশখনৰ সৈতে আছে, আৰু ভৱিষ্যতৰ বেয়া দিনতো পাকিস্তানক যোগাই যাব।