ডিজিটেল ডেস্কঃ ভাৰতৰ বিভিন্ন ৰাজ্যত নির্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ (এছ আই আৰ) প্ৰক্ৰিয়াক 'ছুপাৰ ইমার্জেন্সি' আখ্যা দিছে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে।
মুখ্যমন্ত্রী বেনার্জীয়ে মঙলবাৰে দাবী কৰে যে নির্বাচন আয়োগে বিভিন্ন ৰাজ্যত 'এছ আই আৰ' বন্ধ কৰিব লাগে। উত্তৰ বংগৰ এখন প্ৰশাসনীয় সভাত সোমবাৰে মুখ্যমন্ত্রী মমতাই কয় যে নির্বাচন আয়োগে ইয়াৰ বিষয়াসকলক এনেদৰে ব্যস্ত ৰাখিছে যে অহা তিনি মাহত চৰকাৰে ইয়াৰ কাম উপযুক্তভাৱে কৰিবলৈ অসমৰ্থ হ'ব। এই এছ আই আৰ প্ৰক্ৰিয়াই জনতাক আতংকিত কৰিছে। সেইবাবে বহু লোকৰ মৃত্যু হৈছে। কিন্তু এই সন্দর্ভত আয়োগে এতিয়ালৈকে এটাও শোক-বার্তা দিয়া নাই। মমতাই কেন্দ্রীয় চৰকাৰক উদ্দেশ্যি কয়, 'আপোনালোকে মোক জে'ললৈ প্ৰেৰণ কৰক অথবা মোৰ ডিঙি কাটি দিয়ক, কিন্তু প্রকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰিব।' নির্বাচন আয়োগৰ 'এছআই আৰ' প্ৰক্ৰিয়াক 'ভোটবন্দী' প্রক্রিয়া আখ্যা দিয়ে মুখ্যমন্ত্রী মমতাই।