গুৱাহাটীত খেলিব ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়াই 

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ ২০২৬-২৭ ছিজনৰ ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় সূচী ঘোষণাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্রিকেট অনুৰাগীৰ বাবে ৰোমাঞ্চকৰ খবৰ কঢ়িয়াই আনিছে। অসম ক্রিকেট সন্থাই আনন্দেৰে জনায় যে আগন্তুক ছিজনত গুৱাহাটীয়ে দুখনকৈ আন্তর্জাতিক খেল আয়োজনৰ দায়িত্ব লাভ কৰিছে। সেই অনুযায়ী ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২০২৬ চনৰ ২৭ ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ৩০ ছেপ্টেম্বৰত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। 

তাৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ তৃতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব। তেনেদৰেই আন্তর্জাতিক ক্রিকেটৰ ভাৰতীয় মানচিত্রত গুৱাহাটী তথা অসম এক উল্লেখযোগ্য কেন্দ্রত পৰিগণিত হ'ব। বিশ্ব মানৰ খেল আয়োজনত এইটো অঞ্চল যে ক্রমশঃ সমর্থবান হৈ গৈ আছে একেটা ছিজনত এদিনীয়া আন্তর্জাতিক আৰু টেষ্ট মেচৰ আয়োজনৰ দায়িত্ব লাভে সেই কথাকেই প্রতিফলিত কৰে। গুৱাহাটীক এনেধৰণৰ সূচীত জড়িত কৰোৱাৰ বাবে অসম ক্রিকেট সন্থাই আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। 

একেদৰে উচ্চ পৰ্যায়ৰ যা-যোগাৰ, ব্যৱস্থাপনাৰে খেলুৱৈ, কর্মকর্তা তথা দর্শক সকলোকে স্মৰণীয় অভিজ্ঞতা প্রদান কৰিবলৈও এ চি এ বদ্ধপৰিকৰ আৰু প্রতিশ্রুতিবদ্ধ হৈ থাকিব। অঞ্চলটোৰ ক্রিকেট অনুৰাগীসকলে গুৱাহাটীৰ এই ৰোমাঞ্চকৰ আন্তঃৰাষ্ট্ৰীয় সূচী উপভোগ কৰিবলৈ নিশ্চয়কৈ আগ্রহী হৈ থাকিব।

Share This