ডিজিটেল ডেস্ক : ৱেষ্ট ইণ্ডিজে প্রথমটো দল হিচাপে চলিত টি-২০ বিশ্ব কাপৰ ছুপাৰ এইটত প্ৰৱেশ কৰিছে। শ্বাই হ'পৰ অধিনায়কোচিত অবিজিত ৬১ ৰানৰ লগতে ছিমৰন হেটমায়াৰৰ অপৰাজিত ৪৬ ৰানৰ সহায়ত নেপালক আজি গ্রুপ 'চি'ৰ এখন খেলত ৯ উইকেটত হৰুৱাই ৱেষ্ট ইণ্ডিজে প্রতিযোগিতাখনৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।
নেপালক পোনতে ৮ উইকেটত ১৩৩ ৰানত সীমিত ৰখাৰ পাছত ৱেষ্ট ইণ্ডিজে অধিনায়ক হ'পৰ আৰু হেটমায়াৰৰ বেটিং বিক্ৰমৰ জৰিয়তে ১৫.২ অ'ভাৰত ১টা উইকেট হেৰুৱাই ১৩৪ ৰান কৰি লক্ষ্য অতিক্রম কৰে। হ'পে ৪৪টা বলত ৫টা চাৰি, তিনিটা ছয়েৰে নিজৰ অবিজিক ইনিংছটো সজায়। ইফালে ফর্মত থকা হেটমায়াৰে ৩২টা বলত ৪টা চাৰি আৰু ২টা ছয়েৰে অপৰাজিত ৪৬ ৰান গোটাই দলৰ বাবে গুৰুত্বপূৰ্ণ অৱদান যোগায়। ৱেষ্ট ইণ্ডিজে তেনেদৰেই ৩খন মেচত তৃতীয়টো জয়েৰে গ্ৰুপ 'চি'ত শীর্ষ স্থানত থাকি ছুপাৰ ৮- ত স্থান নিশ্চিত কৰে। ইয়াৰ আগেয়ে নেপালে তাৰকা বেটাৰ দীপেন্দ্র সিং আই বিৰ ৪৭টা বলত যুঁজাৰু ৫৮ ৰানৰ জৰিয়তে ৮ উইকেটত ১৩৩ ৰান কৰিছিল।
গ্রুপ 'চি'ৰ গুৰুত্বপূৰ্ণ খেলখনত নেপালে এটা সময়ত ৪৬ ৰানতে হেৰুৱাইছিল ৫টা উইকেট। নেপালে পাৱাৰ-প্লে'ত দুই অ'পেনাৰ আৰু অধিনায়ক ৰোহিত পড়েলৰ ৰূপত তিনিটা উইকেট হেৰুৱাইছিল। নেপালৰ ইনিংছৰ শেষৰফালে ছোমপাল কমিয়ে ১৫টা বলত ৪টা চাৰিৰে ২৬ ৰানত বেট ধৰি থাকে। ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰে সৰ্বাধিক ৪টা উইকেট দখল কৰে।