অন্তিম টেষ্টত উভতি ধৰিছে ৱেষ্ট ইণ্ডিজে

dainik janambhumi October 13, 2025

ডিজিটেল ডেস্ক : যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গীলৰ শতৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিম টেষ্টত ৫১৮ ৰানৰ পাহাৰ গঢ়িছিল ভাৰতে। প্ৰত্যুত্তৰত যুঁজ দিও ফল' অনৰ পৰা ৰক্ষা নপৰিল কেৰিবিয়ান বাহিনী। দ্বিতীয় দিনৰ স্ক'ৰ ৪ উইকেটত ১৪০ ৰানৰ পৰা  খেলিবলৈ আৰম্ভ কৰি ৱেষ্ট ইণ্ডিজে ২৪৮ ৰানত প্রথম ইনিংছ সামৰে। দলৰ হৈ এলিক আথানাজেই সর্বাধিক ৪১, শ্বাই হোপে ৩৬ আৰু টেগনাৰাইন চন্দৰপলে ৩৪ ৰানৰ উল্লেখনীয় বৰঙনি যোগায়। 

ভাৰতৰ কুলদীপ যাদৱে ৫টা আৰু ৰবীন্দ্র জাদেজাই তিনিটা উইকেটৰ পতন ঘটায়। এটাকৈ উইকেট পায় যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজে। ২৭০ ৰানত পিছ পৰি ফল' অ'নৰ সন্মুখীন হ'লেও উভতি ধৰিছে বেষ্ট ইণ্ডিজে। যুঁজাৰু মানসিকতাৰ পৰিচয় দিয়া কেৰিবিয়ান বাহিনীয়ে দ্বিতীয় দিনৰ অৱশিষ্ট সময়খিনিত দ্বিতীয় ইনিংছ আৰম্ভ কৰি সংগ্ৰহ কৰিছে দুই উইকেটত ১৭৩ ৰান। 

সেই পর্যন্ত জন কেম্পবেলে ৮৭ আৰু শ্বাই হোপে ৬৬ ৰানত বেট ধৰি আছে। ৯৭ ৰানত পিছ পৰি ৰোৱা ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছৰ পতন ঘটা উইকেট দুটা ভগাই লয় মহম্মদ ছিৰাজ আৰু ৱাশ্বিংটন সুন্দৰে। টেগনাৰাইন চন্দৰপলে ১০ আৰু এলিক আথানাজেই ৭ ৰানত আউট হয়।

Share This