মেছিৰ অনুষ্ঠানত 'ৰাম'ৰ কি সম্পর্ক?

dainik janambhumi December 15, 2025

ডিজিটেল ডেস্ক : লিয়'নেল মেছিৰ কলকাতা ভ্রমণৰ সময়ত শনিবাৰে হোৱা বিশৃংখল পৰিস্থিতি আৰু ষ্টেডিয়াম লণ্ড-ভণ্ড কৰা ঘটনা সন্দর্ভত প্রশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্রেছে (টি এম চি)। পশ্চিম বংগৰ শাসক দল তৃণমূলৰ প্রশ্ন শনিবাৰৰ ছল্ট লে'ক ষ্টেডিয়ামৰ ঘটনা 'পূর্ব পৰিকল্পিত' আছিল নেকি? ২৫ দলটোরে উক্ত অনুষ্ঠানত গেৰুৱা পতাকাৰ উপস্থিতি সন্দর্ভতো প্রশ্ন উত্থাপন কৰে। 

তৃণমূলৰ নেতা কুনাল ঘোষে কয়, 'যি ঘটি গ'ল সেয়া অতি দুর্ভাগ্যজনক... এই টো ৰাজ্য চৰকাৰৰ অনুষ্ঠান নাছিল।' উল্লেখযোগ্য যে মেছিৰ প্ৰমণ আছিল তেওঁৰ জি অ' এটি ভাৰত ভ্রমণৰ অংশ। কিন্তু তেওঁৰ অনুৰাগীয়ে ষ্টেডিয়ামতৰ সম্পত্তি লণ্ডভণ্ড কৰাৰ পাছতে বিশৃংখলাৰ সৃষ্টি হয়। অপব্যবস্থাপনাৰ বাবে মেছিয়ে ১০ মিনিট সময় থাকিয়েই‌ ষ্টেডিয়াম এৰাৰ বাবে দর্শকৰ মাজত ক্ষোভৰ উদগিৰণ হয়। বৃহৎ পৰিমাণৰ ধনেৰে টিকট কটা অনুৰাগীসকল ক্ষুদ্ধ হৈ পৰে। ষ্টেডিয়ামত উক্ত অনুষ্ঠানত গেৰুৱা পতাকা জোকাৰা আৰু 'জয় শ্রীধাম' কানি দিয়া সন্দর্ভতো কুনাল ঘোষে প্রশ্ন উত্থাপন কৰে। 

তেওঁ প্রশ্ন কৰে যে ফুটবল অনুৰাগীৰ আৱেগক পূর্ব পৰিকল্পিত এক ষড়যন্ত্ৰৰ বাবে ব্যৱহাৰ কৰাৰ বাবে সেইসকল দায়ী নেকি। তৃণমূলৰ মুখপাত্র বিজু দত্তয়ো একেই প্রশ্ন উত্থাপন কবি কয় মেছি আৰু ৰামৰ মাজত কি সম্পর্ক?

Share This