১২৩৭০ পৃষ্ঠাৰ চার্জশ্বীটত কি বিস্ফোৰক তথ্য উল্লেখ কৰিলে SIT য়ে?

Nikimoni Kachari December 13, 2025

ডিজিটেল ডেস্কঃ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮৪ দিনৰ পিছত ১২ ডিচেম্বৰ শুকুৰবাৰে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰে অসম আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী দলে ।বহু প্ৰতীক্ষিত এই অভিযোগনামাত কি কি তথ্য আছে আপুনি জানেনে ? 

৪টাকৈ গ্ৰাউণ্ডত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য  অভিযোগনামাত উল্লেখ আছে। মৌখিক সাক্ষ্য প্ৰমাণ, ডিজিটেল তথ্য, মেডিকেল ৰিপ'ৰ্ট আৰু অৰ্থনৈতিক তথ্যৰ ভিত্তিত ৭ অভিযুক্তক গ্ৰেপ্তাৰ ।

মৌখিক সাক্ষ্যত আছে ৩৯৭গৰাকী ব্যক্তিয়ে দিয়া ভাষ্য । জুবিনক কেনেকৈ ব্যৱহাৰ কৰিছিল অভিযুক্তসকলে তাৰ সাক্ষ্য অভিযোগনামাত সন্নিৱিষ্ট আছে। ডিজিটেল তথ্যত অভিযোগনামাত সংলগ্ন কৰিছে ম'বাইল ফ'ন, লেপটপ, চি চি টি ভি ভিজুৱেলছ আৰু হোৱাটছএপ মেজেছ । মেডিকেল ৰিপ'ৰ্টত উল্লেখ কৰিছে জুবিনৰ স্বাস্থ্যজনিত পূৰ্বৰ বহু ৰিপ'ৰ্ট । পূৰ্বে চিকিৎসাধীন হোৱা নেমকেয়াৰ হস্পিটেল আৰু মুম্বাইৰ চিকিৎসালয়ৰ প্ৰতিবেদনৰ তথ্য সন্নিৱিষ্ট আছে অভিযোগনামাত ।

লগতে জুবিনৰ মৃত্যুৰ অসম আৰু ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন, ভিচেৰা ৰিপ'ৰ্টত
অৰ্থনৈতিক দিশটোত জুবিনৰ নিজা প্ৰডাকশ্যনৰ একাউণ্টছ, ৰয়েলিটি, বিভিন্ন অনুষ্ঠানৰ লগত কৰা মাননিৰ চুক্তি-পত্ৰ, ষ্টুডিঅ'ৰ তথ্য সংলগ্ন আছে অভিযোগনামাত ।
সেই তথ্য সমলক আধাৰ হিচাপে লৈ SIT য়ে কৰিছিল জুবিন মৃত্যুৰ তদন্ত ।

তদন্তত পোৱা তথ্যসমূহক ভিত্তি হিচাপে লৈ ৭ অভিযুক্তৰ বিৰুদ্ধে SIT য়ে দাখিল কৰিলে অভিযোগনামা । আনহাতে, অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈছে সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী । প্ৰতিটো বিহু অনুষ্ঠানৰ সৈতে জুবিনৰ হৈ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই । ১০ - ১২ লাখ পৰ্যন্ত হৈছিল জুবিনৰ অনুষ্ঠানৰ চুক্তি, তাৰে ৭ লাক্ষাধিক ধনহে দিয়া হৈছিল জুবিন গাৰ্গক বাকী ধনৰাশি নিজেই হৰলুকী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই । ইফালে জুবিনক দিয়া ৭ লাক্ষাধিক টকাৰ পৰাও ১৫% কমিছন লৈছিল সিদ্ধাৰ্থই ।

 

 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This