ডিজিটেল ডেস্কঃ অহা ১৭ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ধৰ জিলাত এখন মেগা টেক্সটাইল পার্ক উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিব।
মোদী হৈছে সর্বাধিক কার্যকালৰ অকংগ্রেছী প্রধানমন্ত্রী। প্রধানমন্ত্রী মোদী ইতিমধ্যে বিশ্ব নেতাসকলৰ মাজতো প্রশংসিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে মোদীৰ 'ভাৰত প্ৰথম' নীতি আৰু 'মেক ইন ইণ্ডিয়া' পদক্ষেপৰ প্ৰশংসা কৰি কয় যে ভাৰতত ৰাছিয়াই বিনিয়োগ কৰা কথাটো ৰাছিয়াই লাভজনক বুলি বিবেচনা কৰে।
ইফালে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মোদী সন্দর্ভত কয় যে তেওঁ সদায় মোদীৰ সৈতে 'বন্ধু' হৈ থাকিব। মোদীক এজন মহান প্রধানমন্ত্রী বুলিও ট্রাম্পে অভিহিত কৰে। অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানীজে ছিডনীত মোদীৰ সৈতে ভাৰতীয় সম্প্ৰদায়ৰ সভাত ভাষণ দিওঁতে মোদীক 'বছ' বুলি অভিহিত কৰে। ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলনিয়ে মোদীক উদ্দেশ্যি কয় যে মোদী হৈছে শ্রেষ্ঠ। তেওঁ কয়, 'মই আপোনাৰ দৰে হ'ব বিচাৰোঁ'। ভিয়েটনামৰ প্রধানমন্ত্রী ফাম মিন চিন, বিশ্ব বেংকৰ সভাপতি অজয় বাংগা, ছুজুকি মটৰ্ছৰ সভাপতি টোচিহিৰো ছুজুকি আদিয়েও ভাৰতৰ প্রধানমন্ত্রী মোদীৰ উচ্চ প্রশংসা কৰে।