ডিজিটেল ডেস্ক : স্বাস্থ্য সেৱাত কৰা ১৪.৯ কোটি ডলাৰৰ (১২৭৯ কোটি টকা) জালিয়াতিৰ বাবে অলপতে আমেৰিকাৰ লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ হয় ভাৰতীয় মূলৰ এজন আমেৰিকান ফার্মা ব্যৱসায়ী তন্ময় শর্মা। অসমৰ গুৱাহাটীৰ ৬১ বছৰীয়া তন্ময় শর্মা হৈছে নিচাসক্তিৰ চিকিৎসা কৰা অধুনালুপ্ত ছভাৰেইন হেলথ গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু প্রাক্তন মুখ্য কার্যবাহী বিষয়া। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মেডিচিন বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা শর্মাই ইন্টার্নশ্বিপ কৰিছিল দিল্লীৰ ছফদৰজং হস্পিটেলত। শর্মাই স্কিজোফ্রেনিয়া মানসিক ৰোগৰ অভূতপূৰ্ব আৰু পৰিৱৰ্তনকাৰী গবেষণা আৰু চিকিৎসা কৰিছে।
আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত গৱেষক মনোৰোগ চিকিৎসক তন্ময় শর্মা হৈছে মানসিক ৰোগত মগজুৰ ক্ৰিয়া-কলাপ (ফাংশ্যন), বোধ (কগনিশ্যন) আৰু মানৱ আচৰণৰ এজন বিশেষজ্ঞ। তন্ময় শর্মাই ২০০তকৈ অধিক গৱেষণা-পত্ৰ আৰু ৫খন গ্রন্থও ৰচনা কৰিছে। তেওঁৰ পিতৃ হৈছে প্রাক্তন কংগ্ৰেছ নেতা আৰু গুৱাহাটীৰ অনুৰাধা হলৰ প্ৰতিষ্ঠাপক প্রয়াত ফণী শৰ্মা। আমেৰিকাৰ ফেডাৰেল গ্ৰেণ্ড জুৰিয়ে তেওঁক আঠটা অপৰাধত অভিযুক্ত কৰি উক্ত গোচৰ আদালতলৈ প্ৰেৰণ কৰিছে। তেওঁলোকৰ অভিযোগ মতে শর্মাই বীমা কোম্পানীসমূহক ১৪.৯ কোটি ডলাৰৰ ভুৱা স্বাস্থ্য বীমা দাবী কৰিছিল। তেওঁৰ বিৰুদ্ধে কৰা আঠটা অভিযোগৰ চাৰিটা হৈছে বৈদ্যুতিন যোগাযোগেৰে কৰা বিত্তীয় অপৰাধ, এটা ষড়যন্ত্ৰৰ আৰু তিনিটা চিকিৎসা প্রতিষ্ঠানৰ বাবে দিয়া ৰেফাৰেলৰ বাবে অবৈধভাৱে মাননি গ্রহণ কৰা। তন্ময় শর্মাক যোৱা ২৯ মে'ত গ্ৰেপ্তাৰ কৰা হয়। চেন্ট্রেল ডিষ্ট্ৰিক্ট অব্ কেলিফর্নিয়াৰ আমেৰিকাৰ এটর্নী অফিচৰ মতে ছান ক্লিমেন্টত থকা ছভাৰেইন এটা সময়ত দক্ষিণ কেলিফর্নিয়া আৰু আন কেইবাখনো ৰাজ্যত নিচাসক্তৰ চিকিৎসাৰ অন্যতম প্রধান প্রতিষ্ঠান আছিল। ২০১৪ চনৰ পৰা ২০২০ চনলৈ ছভাৰেইনে নিচাসক্ত (ড্রাগ এডিক্টেড) আৰু মানসিক ৰোগীৰ বাবে ব্যক্তিগত বীমা কোম্পানীসমূহক প্ৰায়ে উচ্চ পৰিমাণৰ বিল দিছিল। শৰ্মাৰ নিৰ্দেশত ছভাৰেইনৰ কৰ্মচাৰীয়ে বিপণনৰ বিভিন্ন পদ্ধতিৰে ৰোগীৰ সৈতে যোগাযোগ কৰিছিল আৰু ট'ল ফ্রী ফ'ন নম্বৰেৰে কোম্পানীৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছিল। ছভাৰেইনৰ কল চেণ্টাৰলৈ ৰোগীয়ে এবাৰ ফ'ন কৰিলেই কোম্পানীৰ চিকিৎসা কেন্দ্রত নামভৰ্তি কৰাবলৈ বিভিন্ন কৌশল গ্রহণ কৰিছিল, কেতিয়াবা মিছা কথাও কৈছিল।
তেনেদৰে এবাৰ মিছাকৈ কোৱা হৈছিল যে ৰোগীজনৰ চিকিৎসাৰ খৰচ ছভাৰেইনৰ আগৰ ৰোগীৰ দানেৰে গঠন হোৱা এক ন্যাসে দিব। আৰক্ষীয়ে এই গোচৰত ছভাৰেইনৰ বিত্তীয় পৰিদৰ্শক ৪৫ বছৰীয়া পল জিন ছেন খ'ৰকো গ্ৰেপ্তাৰ কৰিছে। ছভাৰেইন হেলথ গ্ৰুপৰ বিৰুদ্ধে ২০১৭ চনৰ জুন মাহৰ পৰাই তদন্ত চলি আছিল। এফ বি আয়ে ছভাৰেইনৰ চিকিৎসা কেন্দ্র, ছান ক্লিমেন্টত থকা মুখ্য কাৰ্যালয় আৰু শৰ্মাৰ ছান জুৱান কেপিষ্ট্রেন'ত থকা ঘৰত তালাচীও চলায়। তেওঁৰ ব্যৱসায় ২০১৮ চনত বন্ধ হয়। কিন্তু বন্ধ কৰাৰ পাছতো তন্ময় শর্মাই ছান জুৱান কেপিষ্ট্রেন'ত লাইচেন্স লৈ ডানা শ্ব'ৰছ ৰিকভাৰী নামেৰে আৱাসিক চিকিৎসা কেন্দ্র মুকলি কৰিছিল। বৰ্তমানৰ গোচৰত জালিয়াতিৰ অভিযোগত যদি শর্মা দোষী সাব্যস্ত হয়, তেন্তে তেওঁৰ ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। আনহাতে ষড়যন্ত্র অভিযোগ দোষী সাব্যস্ত হ'লে ৫ বছৰ আৰু অবৈধভাৱে মাননি লোৱা বাবে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে।