বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনি; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ? উপাৰ্জন জানি আপুনিও হ’ব আচৰিত

Rashmi August 09, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু এম এছ ধোনি কেৱল খেলৰ বাবেই নহয়, ধন-সম্পত্তিৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। দুয়োগৰাকী খেলুৱৈয়ে ক্ৰিকেট কেৰিয়াৰৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জনৰ লগতে ব্ৰেণ্ড এণ্ডৰছমেণ্ট, ব্যাৱসায়িক উদ্যোগ আৰু বিনিয়োগৰ জৰিয়তে কোটি টকা উপাৰ্জন কৰিছে। প্ৰ’ব’ৰ মতে ২০২৫ চনত এই দুজনৰ নেট ৱৰ্থ কিমান আৰু উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত আছে জানো আহক!

বিৰাট কোহলীৰ উপাৰ্জন আৰু নেট ৱৰ্থ

বিৰাট কোহলীৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৭ মিলিয়ন ডলাৰ (১,০৫০ কোটি টকা), যাৰ বাবে তেওঁ বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ক্ৰিকেট, ব্ৰেণ্ড এণ্ডৰছমেণ্ট আৰু ব্যাৱসায়িক উদ্যোগৰ পৰা কোহলীয়ে কোটি টকা উপাৰ্জন কৰি আছে।

ক্ৰিকেটৰ পৰা উপাৰ্জন 

আই পি এলত বি চি চি আই আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে আই পি এলৰ চুক্তি হিচাপে কোহলীয়ে লাভ কৰে বিপুল দৰমহা।

ব্ৰেণ্ড এণ্ডৰছমেণ্ট 

কোহলীৰ পুমা, এম আৰ এফ, অ'ডি আৰু বুষ্টৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কোটি কোটি মূল্যৰ চুক্তি আছে।

ব্যৱসায় আৰু বিনিয়োগ- 

তেওঁ ৰগন (কাপোৰৰ ব্ৰেণ্ড), চিচেল ফিটনেছ (জিম চেইন), ৱান৮, ডিজিট ইঞ্চুৰেঞ্চ, ব্লু ট্ৰাইব, আৰু ৰেজ কফিৰ দৰে ষ্টাৰ্টআপতো বিনিয়োগ কৰিছে।

এই সকলো উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলীক অতি শক্তিশালী কৰি তুলিছে। টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

এম এছ ধোনিৰ উপাৰ্জন আৰু নেট ৱৰ্থ

মহেন্দ্ৰ সিং ধোনিৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৩ মিলিয়ন ডলাৰ (১০০০ কোটি টকা)। ব্যৱসায়ৰ লগতে ক্ৰীড়া জগততো নিজৰ নাম উজলাই তুলিছে ধোনিয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো ধোনিয়ে কোটি টকা উপাৰ্জন কৰি আছে।

ক্ৰিকেটৰ পৰা উপাৰ্জন- 

আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে লাভ কৰিছে কোটি কোটি টকা।

ব্ৰেণ্ড এণ্ডৰছমেণ্ট- 

ৰিবক, ড্ৰিম১১, ইণ্ডিগো পেইণ্টছৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কৰা ব্ৰেণ্ড চুক্তিৰ পৰাও কোটি টকা উপাৰ্জন কৰি আছে।

ব্যৱসায় আৰু বিনিয়োগ- 

ধোনিৰ উপাৰ্জন তেওঁৰ লাইফষ্টাইল ব্ৰেণ্ড SEVEN, চেন্নায়িন এফ চি (ফুটবল দল) আৰু স্প'ৰ্টছ ফিট ফিটনেছ চেইনৰ মালিকীস্বত্ব আৰু অন্যান্য বিনিয়োগৰ পৰা কোটি কোটি টকা।

ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত ধোনিৰ বুদ্ধিমান আৰু স্মাৰ্ট চিন্তাধাৰাই খেলৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁক আৰ্থিকভাৱে সুস্থিৰ কৰি ৰাখিছে।

আটাইতকৈ ধনী কোন? বিৰাট কোহলী নে এম এছ ধোনি?

তথ্য অনুসৰি বিৰাট কোহলীৰ নেট ৱৰ্থ এম এছ ধোনিতকৈ অলপ বেছি। খেলত কোহলীৰ ধাৰাবাহিক প্ৰদৰ্শন, ডাঙৰ ব্ৰেণ্ডৰ সৈতে চুক্তি আৰু স্মাৰ্ট বিনিয়োগে তেওঁৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিছে। অৱসৰৰ পাছত ধোনিও অতি জনপ্ৰিয় আৰু আৰ্থিকভাৱে শক্তিশালী যদিও উপাৰ্জনৰ ক্ষেত্ৰত কোহলীৰ জনপ্ৰিয়তাই তেওঁক আটাইতকৈ ধনী ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This