৯.৮৭%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : দেশত দাম বৃদ্ধিয়ে সর্বসাধাৰণক চৌদিশৰ পৰা মাধমাৰ শোধাইছে। খুচুৰা মুদ্রাস্ফীতিৰ হাৰে ১৮ মাহৰ অভিলেখ ভংগ কৰাৰ পাছত এইবাৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰো অস্বাভাৱিক হাৰত বৃদ্ধি পায় আৰু বিগত ৪৪ মাহৰ ভিতৰত সৰ্বাধিক হয়গৈ। যোৱা মাহত পাই কাৰী মুদ্রাস্ফীতিৰ হাৰ ৯.৮৭% হয়। ইয়াৰ আগতে মে' মাহত এই হাৰ আছিল ৯.৬৮%। উল্লেখযোগ্য যে ২০২২ চনৰ ছেপ্টেম্বৰত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১০.৭০% আছিল। ইয়াৰ পাছত প্ৰথমবাৰৰ বাবে এই হাৰ ১০%ৰ কাষ চাপে। বাণিজ্য মন্ত্রালয়ে আজি পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ প্ৰকাশ কৰে। খুচুৰা আৰু পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ দ্রুত গতিত বৃদ্ধি পোৱাটোৱে দেশত খাদ্য-সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামে বজাৰত জুই লগোৱাটোকে সূচাইছে। মন্ত্রালয়ে আজি প্ৰকাশ কৰা তথ্য মতে, জুন মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ৯.৬৮%ৰ পৰা বৃদ্ধি পাই ৯.৮৭% হয়। খাদ্য সামগ্রী আৰু ফেক্টৰীত উৎপাদিত সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলতে পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পায়।

পশ্চিম এছিয়াৰ সংকট আৰু হৰমুজ প্রণালী অৱৰোধ কৰি ৰখাৰ ফলত শক্তিৰ দাম বৃদ্ধি পায়। ইয়াৰ প্ৰভাৱ পৰে পাইকাৰী মুদ্রাস্ফীতিৰ হাৰত। চৰকাৰী তথ্য মতে জুন মাহত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ আছিল পেট্রলজাত সামগ্রীসহ খনিজ তেল, খাদ্য পদার্থ, আন্তঃগাঁথনিত ব্যৱহাৰ কৰা ধাতু আৰু ৰসায়ন তথা ৰাসায়নিক সামগ্ৰীৰ উৎপাদনত হোৱা ব্যয়। মন্ত্ৰ্যালয়ৰ তথ্য মতে খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ মে' মাহত ৩.৬০%ৰ পৰা জুন মাহত ৫.৪৯%লৈ বৃদ্ধি পায়।

জুন মাহত খাদ্যত ব্যৱহাৰ নকৰা সামগ্ৰীসমূহৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ১১.৭%লৈ, খনিজজাত সামগ্ৰীৰ ৯.৪৫%, উৎপাদিত সামগ্ৰীৰ হাৰ ৭.৪৮% অপৰিৱৰ্তিত থাকে। জুনত ইন্ধন আৰু বিদ্যুতৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ২৭.৪১% আছিল। মে' মাহত এই হাৰ আছিল ৩০.৩৩%। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ হাৰ ৪.৯৯%ৰ পৰা জুন মাহত ৭.০০%লৈ আৰু খাদ্য সামগ্ৰীৰ হাৰ ৪.৪৯%ৰ পৰা ৬.১৪%লৈ বৃদ্ধি পায়।

Share This