অসমলৈ কিয় নাহিল জাপানৰ প্রধানমন্ত্রী, বৈদেশিক সচিব বিক্রম মিস্ৰীৰ ব্যাখ্যা

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ বাতিল হোৱাৰ প্রকৃত কাৰণ কি আছিল? সকলো প্রস্তুতি চলোৱাৰ পাছতো তেওঁ কিয় অসমলৈ নাহিল? এই লৈ বিভিন্ন চর্চা চলি থকাৰ সময়তে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নহাৰ প্ৰকৃত কাৰণ কালি ৰাজহুৱা কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত বৈদেশিক সচিব বিক্রম মিস্ত্রীয়ে কয় যে সময়ৰ অভাৱৰ বাবেই জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্রমণ বাতিল কৰা হয়। 

তেওঁ লগতে কয়, 'জাপানৰ সংসদৰ অধিৱেশন চলি থকাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ সময় অতি সীমিত আছিল। সেইবাবেই অসম তথা উত্তৰ-পূব ভ্রমণসূচী অন্তর্ভুক্ত কৰিব পৰা নগ'ল।' আনহাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কৰিব নোৱাৰিলেও জাপানৰ প্ৰতিনিধি দলে ইতিমধ্যে উত্তৰ-পূবৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছে বুলি জনাই বৈদেশিক সচিবগৰাকীয়ে লগতে কয়, 'অসম জাপানৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ৰাজ্য। অসমত জাপানৰ সহযোগিতাত কেইবাটাও উল্লেখযোগ্য উন্নয়নমূলক প্রকল্প চলি আছে আৰু ভৱিষ্যতেও এই সহযোগিতা অব্যাহত থাকিব।' 

উল্লেখযোগ্য যে জাপানৰ প্ৰধানমন্ত্ৰীৰ এই ভাৰত ভ্ৰমণৰ সময়ত অসম ভ্ৰমণৰ কথাও আছিল। কিন্তু অন্তিম মুহূর্তত সেই কাৰ্যসূচী বাতিল হোৱাত বিভিন্ন মহলত প্রশ্ন উত্থাপন হৈছিল। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো কিয় জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিল সেই কথা কেন্দ্ৰীয় চৰকাৰে জানে বুলিহে মত প্ৰকাশ কৰিছিল। ইয়াৰ পাছত কালি বৈদেশিক সচিবৰ এই মন্তব্যই স্পষ্ট কৰিলে যে এই ভ্রমণ বাতিলৰ কাৰণ কোনো কূটনৈতিক বা ৰাজনৈতিক বিষয় নহয়; বৰং সীমিত সময়সূচীৰ বাবেই উত্তৰ-পূব ভ্ৰমণ বাদ দিয়া হৈছিল।

Share This