ধেমাজি জলসম্পদ বিভাগত ব্যাপক দুর্নীতি

dainik janambhumi July 14, 2025

ডিজিটেল ডেস্ক : ধেমাজিত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ প্রথমখন কেবিনেট বৈঠকত ধেমাজি জিলাখনক বানমুক্ত কৰাৰ যি ফুলজাৰি মাৰিছিল, সেয়া বর্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগটো বর্তমান ধেমাজিত ফ্লপ শ্ব'ত পৰিণত হৈছে। নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো অথচ নির্মাণ সম্পূৰ্ণ নহ'ল গাই নৈৰ বাওঁপাৰৰ প্ৰায় আঠ কিল 'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিটোৰ নিৰ্মাণৰ কাম। যাক লৈ চিন্তিত গাই নৈপৰীয়া লোকসকল। বিগত বৰ্ষত তিনিখন আঁচনিৰ অধীনত প্রায় ৩১ কোটি টকাৰে ধেমাজি জলসম্পদ সংমণ্ডলৰ জৰিয়তে গাই নৈৰ বাওঁপাৰৰ নতুন মথাউৰিটো প্রায় আঠ কিল'মিটাৰ নিৰ্মাণৰ বাবে আবণ্টন হৈছিল। 

চিচিবৰগাঁও পঞ্চায়তৰ চুমনি গাঁৱৰ পৰা আমগুৰি লেচিয়া দলঙৰ সমীপলৈকে প্রায় ৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো নিৰ্মাণৰ বাবে তিনিগৰাকীকৈ ঠিকাদাৰ ক্ৰমে- জনৈক আগৰৱালাই ৩.৭৭৫ কিল'মিটাৰ, জনৈক শ্বাহ আৰু জনৈক দত্তই ৪.১২৫ কিল'মিটাৰসহ এখন শ্লুইছ গে'ট নিৰ্মাণৰ কাম আবণ্টন লাভ কৰিছিল। উল্লেখযোগ্য যে উক্ত ঠিকাদাৰকেইজনে নিৰ্মাণৰ বাবে কাম আবণ্টন লাভ কৰিলে যদিও প্রথমগৰাকী ঠিকাদাৰে প্ৰায় ৮০ শতাংশ কামৰ অগ্রগতি কৰিলে যদিও আন দুগৰাকী ঠিকাদাৰে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত নির্মাণকার্য শেষ কৰিব লাগিছিল। কিন্তু পৰিতাপৰ বিষয় আজি পর্যন্ত নির্মাণকার্য শেষ কৰিব নোৱাৰিলে। তেওঁলোকে বর্তমান প্রায় ৪০ শতাংশহে মাটিৰ কাম সম্পূৰ্ণ কৰিছে। এতিয়া বাৰিষা সময় যাক লৈ বর্তমানে চিন্তিত হৈ পৰিছে গাই নৈপৰীয়াবাসী ৰাইজে। এই ক্ষেত্ৰত ধেমাজিৰ বিয়াগোম জলসম্পদ বিভাগটোৱে মৌনব্রত পালন কৰি চকু মুদা কুলিৰ ভাও জুৰিছে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে কামৰ অগ্ৰগতিৰ খতিয়ান লোৱা দূৰৈৰ কথা, মথাউৰিটো কাম চাবলৈ যোৱা নাই বুলি অভিযোগ উঠিছে। 

ইপিনে, প্রায় ৩১ কোটি টকাৰে নিৰ্মাণ কৰা গাই নৈৰ মথাউৰিটো কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ উদ্দেশ্য দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা বিষ্ণু শর্মা, সভাপতি ভাস্কৰ বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ নেতৃত্বত এটি সঁজাতী দলে পৰিদৰ্শন কৰে। সঁজাতী দলটোৱে পৰিদৰ্শনৰ অন্তত ৰাজ্য চৰকাৰৰ তিনিখন আঁচনিৰ ৩১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গাই নৈৰ মথাউৰিটো অতি নিম্ন মানৰ হোৱাৰ লগতে ঠিকাদাৰসকলে মইমতালিৰে কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে। তদুপৰি কুম্ভকৰ্ণৰ নিদ্রাত থকা ধেমাজি জলসম্পদ বিভাগ আৰু ৰাজ্যৰ জলসম্পদ মন্ত্ৰী গৰাকীক নিৰ্মাণকাৰ্য শেষ কৰিব নোৱৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সঁজাতী দলটোৱে। অন্যথা ৰাইজৰ সহযোগত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Share This