ওদালগুৰিত পুনৰ মৃত্যু বন্য হস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্য হস্তীৰ মৃত্যু

Rashmi November 02, 2025

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে ৷ 

গ্ৰামাঞ্চলত প্ৰৱেশ কৰি বন্য হস্তীৰ জাকে ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ জিলাখনৰ ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্য হস্তীৰ সৈতে ৷ 

হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷ হাতী-মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’বলগীয়া হৈছে বন্য হস্তী৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে কোনো এখন চৰকাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ওদালগুৰিত ভয়ংকৰ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে ৷ 

সম্প্ৰতি জিলাখনত বন্য হস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক৷ বিগত এক সপ্তাহৰ ভিতৰতে জিলাখনত তিনিটাকৈ বন্য হস্তীৰ অজ্ঞাত কাৰণত মৃত্যু ঘটিছে৷ 

আজি ওদালগুৰিৰ ভূটীয়াচাঙত উদ্ধাৰ হয় এটা দঁতাল হাতীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত চিকিৎসকসহ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷ 

জিলাখনৰ ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবেই তীব্ৰ খাদ্য সংকট আৰু বাসস্থানৰ অভাৱত বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে৷ অঞ্চলটোৰ এলিফেণ্ট কৰিডৰসমূহ দখল কৰি এচাম মানুহে বাসস্থান গঢ়ি তোলাৰ বাবেই এতিয়া অঞ্চলটোত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে৷


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This