বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খেলিব ১২টা দলে

dainik janambhumi April 11, 2026

ডিজিটেল ডেস্ক : বিশ্বায়নৰ ক্ষেত্রত ক্রিকেটক আৰু এখোজ আগুৱাই নিব বিচাৰিছে আই চি চিয়ে। ২০খন দেশৰ টি-২০ বিশ্ব কাপৰ পাছত এইবাৰ ১২টা দলৰ মাজত টেষ্ট চেম্পিয়নশ্বিপ আয়োজনৰ যো-জা চলিছে। বৰ্তমান ৯টা দলৰ মাজত টেষ্ট বিশ্ব কাপ অনুষ্ঠিত হৈ আছে। অৱশ্যে, ২০২৭-২৯ টেষ্ট বিশ্ব কাপত ১২টা দলে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি, আই চি চিয়ে ২০২৮ চনৰ অলিম্পিকৰ বাবে যোগ্যতা আহৰণৰ প্ৰক্ৰিয়া কেইদিনমানৰ ভিতৰত চূড়ান্ত কৰিব বিচাৰিছে। এদিনীয়া আৰু টি-২০ ক্রিকেটৰ লগতে টেষ্ট ক্রিকেটক অধিক সম্প্ৰসাৰণৰ উদ্যোগ লৈছে আই চি চিয়ে। 

সেই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰিসৰ বৃদ্ধি কৰি ১২টা দলক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। যদিহে এই প্ৰস্তাৱ কাৰ্যকৰী হয় তেন্তে আই চি চিৰ সম্পূর্ণ দেশসমূহে টেষ্ট বিশ্ব কাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। সম্প্রতি আফগানিস্তান, জিম্বাবুৱে আৰু আয়াৰলেণ্ড টেষ্ট বিশ্ব কাপৰ পৰা বাহিৰত আছে। নতুন প্রস্তাৱ কাৰ্যকৰী হ'লে এই দলসমূহেও প্ৰতিযোগিতাখনত অংশগ্রহণৰ সুযোগ পাব। 

জানিব পৰা মতে, আই চি চিৰ আগন্তুক বৈঠকত এই বিষয়ত সিদ্ধান্ত লোৱা হ'ব পাৰে। আগন্তুক বৈঠকত ২০২৮ চনৰ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ পদ্ধতিও চূড়ান্ত কৰা হ'ব পাৰে। অলিম্পিকত অনুষ্ঠিত হ'ব টি-২০ ক্রিকেট। পুৰুষ আৰু মহিলাৰ শাখাত ছটাকৈ দলে খেলাৰ সুযোগ পাব।

Share This