ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুর্শিদাবাদত বাবৰী মছজিদৰ প্ৰতিৰূপ নিৰ্মাণৰ প্ৰস্তাৱ দিয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ পৰা বিধায়ক হুমায়ুন কবীৰক নিলম্বন কৰা হৈছিল।
ইয়াৰ পাছতেই অহা বছৰত বিধানসভাৰ নিৰ্বাচনত চতুৰ্থবাৰৰ বাবে পশ্চিম বংগৰ শাসনত অধিষ্ঠিত হোৱাৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনার্জীক বাধা দিবলৈ প্রতিজ্ঞাবদ্ধ হৈছে হুমায়ুন কবীৰ। মুখ্যমন্ত্রী বেনার্জীক চিনেমাৰ কায়দাত ভাবুকি দি কবীৰে কয়, 'পিকচাৰ অভী বাকী হ্যে', তৃণমূলৰ মুছলিম ভোট বেংক নাইকিয়া হ'বলৈ গৈ আছে'।
বেলনডাংগাত 'বাবৰী মছজিদ'ৰ আধাৰশিলা স্থাপনৰ পাছত কবীৰে কয় যে অহা ২২ ডিচেম্বৰত তেওঁ এটা নতুন দল ঘোষণা কৰিব আৰু হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছীৰ দল 'এ আই এম আই এম'ৰ সৈতে মিত্ৰতা কৰিব।