অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ

dainik janambhumi July 20, 2025

ডিজিটেল ডেস্ক : অলিম্পিকত ১২৮ বছৰৰ পাছত নতুন ৰূপত ক্রিকেটক অন্তর্ভুক্ত কৰা হৈছে। লছ এঞ্জেলছত ২০২৮ চনত হ'বলগীয়া অলিম্পিকত পুৰুষৰ ছটা আৰু মহিলাৰ ছটা দলে অংশগ্রহণ কৰিব। অলিম্পিকত অংশগ্রহণ কৰিবলগীয়া ক্রিকেট দল বাছনিৰ ক্ষেত্ৰত কঠোৰ নিয়ম কৰা হৈছে। সেই অনুসৰি এছিয়া, ওছেনিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ কেৱল শীর্ষ ৰেংকিঙৰ দলকেইটাইহে অলিম্পিকত খেলিব পাৰিব। যিহেতু অলিম্পিক আমেৰিকাত অনুষ্ঠিত হ'ব সেয়েহে পঞ্চমটো দল ৰূপে আমেৰিকাই ইয়াত খেলাৰ যোগ্যতা অর্জন কৰিব। 

ষষ্ঠটো দল নির্ধাৰণৰ বাবে এক যোগ্যতা অৰ্জনকাৰী প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। অলিম্পিকত অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মেচ নাথাকিব। ইয়াৰ কাৰণ হ'ল এছিয়াৰ ৰেংকিঙৰ শীৰ্ষত থকা দলটোৱেহে অলিম্পিকত খেলিব। আই চি চিৰ টি-২০ ৰেংকিঙত ভাৰত এছিয়াৰ শীর্ষস্থানত থাকিলে ভাৰতে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিব। 

তেনে অৱস্থাত পাকিস্তানে যোগ্যতা অর্জনকাৰী প্রতিযোগিতাৰ জৰিয়তে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, নতুন মুখ্য কার্যবাহী বিষয়া সংযোগ গুপ্তাৰ পৌৰোহিত্যত অনুষ্ঠিত আই চি চিৰ বৈঠকত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেলাৰ বাবে ক্রিকেটাৰৰ ন্যূনতম বয়স ১৫ বছৰ নিৰ্ধাৰণ কৰা হয়। অৱশ্যে বিশেষ পৰিস্থিতিত এই নিয়ম শিথিল কৰা হ'ব।

Share This