ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি ইয়াত অনুষ্ঠিত হ'ব তৃতীয় তথা নির্ণায়ক এদিনীয়া। টেষ্টৰ পাছত এইবাৰ এদিনীয়া শৃংখলাত পৰাজয় ৰোধৰ লক্ষ্যৰে নামিব ভাৰতীয় দলে। টেষ্ট শৃংখলা ২-০ ব্যৱধানত হেৰুওৱাৰ পাছত এদিনীয়া ছিৰিজ ১-১ ব্যৱধানত ড্র হৈ আছে। আজিৰ খেলত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰদৰ্শনৰ ওপৰত ভাৰতীয় দলৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব।
প্রথম দুখন এদিনীয়াত কোহলীয়ে শতৰান অর্জন কৰিছিল। আনহাতে, ৰোহিতে প্রথম খেলত অর্ধ-শতৰান কৰিছিল। আজি ৰোহিত আৰু কোহলীয়ে ধাৰাবাহিক প্ৰদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিব। কোহলীয়ে নিজৰ শেহতীয়া তিনিটা ইনিংছত দুটা শতৰান আৰু এটা অর্ধ-শতক অৰ্জন কৰিছিল। আনহাতে, ৰোহিতে নিজৰ অন্তিম ৪খন খেলত ১টা শতৰান আৰু দুটা অর্ধ-শতৰানৰ ইনিংছ খেলিছিল।
ইফালে, ঋতুৰাজ গাইকোৱাডে দ্বিতীয় এদিনীয়াত নিজৰ কেৰিয়াৰৰ প্ৰথমটো শতৰান কৰিছিল। আনহাতে, যশস্বী জয়ছোৱালে নিজৰ আৰু দলৰ বাবে এক বৃহৎ স্ক'ৰ গঢ়াৰ চেষ্টা চলাব। ইফালে, ভাৰতে ৱাশ্বিংটন সুন্দৰক জিৰণি দি তিলক বার্মাক মূল একাদশত স্থান দিব পাৰে যাতে মিডল অর্ডাৰত শক্তি বৃদ্ধি কৰিব খোজে।