১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?

dainik janambhumi July 12, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই অহা ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ কথা। তেওঁ প্ৰথমতে যোৱা ১০ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত নিজৰ অভিযান সামৰি পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। কিন্তু এতিয়া কোৱা হৈছে যে তেওঁ ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা নাই। আনকি ১৪ জুলাইত শুভাংশু পৃথিৱীলৈ উভতি অহাটোও নিশ্চিত নহয়। শুভাংশুৰ পৃথিৱীলৈ উভতি অহাক লৈ সৃষ্টি হোৱা এই অনিশ্চয়তাই তেওঁৰ লগতে আন মহাকাশচাৰীকেইজন ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়মছৰ দৰে মহাকাশ আস্থানটোত আবদ্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। 

উল্লেখযোগ্য যে সুনীতা মাত্র ১৪ দিনৰ বাবে মহাকাশ আস্থানটোলৈ গৈছিল, কিন্তু তাত তেওঁ কেইবামাহ আবদ্ধ হৈ থাকাৰ পাছত স্পেচএক্সৰ যানে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিছিল। ইউৰোপিয়ান মহাকাশ সংস্থাই প্রকাশ কৰা মতে, শুক্লা আৰু তেওঁৰ সতীর্থ মহাকাশচাৰীকেইজন ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি অহাটো সম্ভৱ নহয়। এক্সিয়ম-৪ অভিযানৰ মহাকাশচাৰীসকল পৃথিৱীলৈ উভতি অহাত ৩-৪ দিন পলম হ'ব। কাৰিকৰী আৰু বতৰৰ সৈতে জড়িত সম্ভাব্য কাৰণ কেইবাটাও আছে বুলি কোৱা হৈছে। উল্লেখযোগ্য যে শুভাংশু আৰু আন চাৰিজন মহাকাশচাৰী যোৱা ২৫ জুনত ড্রেগন মহাকাশযানত উঠি মহাকাশ আস্থানটোলৈ গৈছিল। 

ইউৰোপিয়ান মহাকাশ সংস্থাই জনোৱা মতে, তেওঁলোকৰ মহাকাশচাৰী ষ্টাভ্ৰছ উজানানস্কী ভিশ্বৱাস্কী আৰু তেওঁৰ লগতে সম্পূৰ্ণ দলটো ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি নাহে। কিন্তু এই দিনটোও নিশ্চিত নহয়। তেওঁলোক পৃথিৱীলৈ উভতি অহাটো নিৰ্ভৰ কৰিব ড্ৰেগন মহাকাশযানৰ মহাকাশ আস্থানৰ পৰা আনডকিঙৰ সূচী আৰু পৃথিৱীত অনুকূল পৰিস্থিতিৰ (বতৰ) ওপৰত। অৱশ্যে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, শুভাংশু আৰু আন মহাকাশচাৰীকেইজন ১৪ জুলাইত পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে।

Share This