আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা উইলিয়ামছনৰ

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে কেন উইলিয়ামছনে। শুকুৰবাৰে এই কথা ঘোষণা কৰে নিউজিলেণ্ডৰ প্রাক্তন অধিনায়কগৰাকীয়ে। দীর্ঘ ১৬ বছৰীয়া কেৰিয়াৰত তেওঁ কেউটা সংস্কৰণত ৩৭৮খন মেচ খেলে। 

বর্তমান ইংলেণ্ড ভ্রমণত ব্যস্ত থকা নিউজিলেণ্ডৰ হৈ উইলিয়ামছনে প্রথম টেষ্টত খেলিছিল। হঠাৎ তেওঁ অৱসৰ ঘোষণা কৰাত বাকী দুখন টেষ্টত নিউজিলেণ্ডৰ শক্তি হ্রাস পাইছে। ২০১০ চনৰ নৱেম্বৰত আহমেদাবাদত ভাৰতৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটাইছিল তাৰকা বেটাৰগৰাকীয়ে। উইলিয়ামছনে নিজৰ প্ৰথম টেষ্টখনত শতক অৰ্জন কৰিছিল। উইলিয়ামছনে সকলো সংস্কৰণত নিউজিলেণ্ডৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ ১১০খন টেষ্টত ৩৩টা শতৰান আৰু ৩৮টা অর্ধশতকেৰে ৯৫১৫ ৰান সংগ্ৰহ কৰে। 

এদিনীয়া ক্রিকেটত উই লিয়ামছনে ১৭৫খন মেচত সংগ্ৰহ কৰে ৭২৫৬ ৰান। ইয়াৰ মাজত আছে ১৫টা শতক আৰু ৪৭টা অর্ধশতক। তেওঁ ৪০খন টেষ্ট, ৯১খন এদিনীয়া আৰু ৭৫খন টি-২০ ক্রিকেটত নিউজিলেণ্ডক নেতৃত্ব দিছিল।

Share This