ডিজিটেল ডেস্ক: ইৰানৰ প্রয়াত সর্বোচ্চ নেতা আয়ুতুল্লা আলী খামেনেইক শেষ শ্রদ্ধা নিৱেদনৰ বাবে শনিবাৰে পুৱাৰ পৰাই ৰাজধানী তেহৰানত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। অন্তিম শ্রদ্ধা নিবেদনৰ সময়ত শোকস্তব্ধ অনুগামীয়ে কান্দোনত ভাঙি পৰে আৰু বুকুত ভুকুৱাই সমস্বৰে ক'লে, 'প্রতিশোধ, প্রতিশোধ'। শেষকৃত্য অনুষ্ঠানৰ এজন উদ্যোক্তাই কয়, 'আমি ইয়াত প্রয়াত সর্বোচ্চ নেতাজনৰ হত্যাৰ প্ৰতিশোধ বিচাৰি সমৱেত হৈছোঁ। আমি আমাৰ তেজ দি প্রতিশোধ লম।'
কালি কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাজাৰ হাজাৰ খামেনেইৰ অনুগামীয়ে অশ্রুসিক্ত নয়নেৰে প্ৰয়াত সর্বোচ্চ নেতাজনৰ কফিনত ৰখা ৰাজ দৰবাৰত উপস্থিত হয় আৰু শেষ শ্রদ্ধা নিবেদন কৰে। তেহৰানৰ গ্ৰেণ্ড মোচাল্লাত খামেনেইৰ পাৰ্থিৱ শৰীৰ শনিবাৰ আৰু দেওবাৰে দুদিন অন্তিম শ্রদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। সোমবাৰে তেহৰানৰ মাজেৰে খামেনেইৰ পাৰ্থিৱ শৰীৰৰ শৱযাত্ৰা কৰি কোয়ম মহানগৰ ছিয়া চেমিনাৰীলৈ নিয়া হ'ব। এই মহানগৰখন ৰাজধানী তেহৰানৰ পৰা ১২০ কিল'মিটাৰ দূৰত্বত। শেষকৃত্য অনুষ্ঠানৰ কাৰ্যসূচী মহানগৰখনত মঙলবাৰলৈকে অব্যাহত থাকিব। বুধবাৰে খামেনেইৰ মৃতদেহ ইৰাকৰ কাৰবালা মহানগৰলৈ নিয়া হ'ব। কাৰবালাৰ পৰা খামেনেইৰ মৃতদেহ ইৰানৰ দ্বিতীয় বৃহত্তম মহানগৰ মাশ্বাদলৈ অনা হ'ব। আনহাতে, খামেনেইৰ শেষকৃত্য অনুষ্ঠানত ২ কোটি লোকৰ সমাগম ঘটাৰ আশা কৰা হৈছে। ১০০খন দেশৰ প্ৰতিনিধিয়ে প্রয়াত সর্বোচ্চ নেতাৰ 'জানাজা' অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে আমেৰিকা-ইজৰাইলৰ আক্ৰমণত যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ প্রাক্তন সর্বোচ্চ নেতা খামেনেই তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যসহ নিহত হৈছিল। শনিবাৰে খামেনেইৰ শোকস্তব্ধ অনুগামীয়ে প্রতিশোধ, প্রতিশোধ বুলি চিঞৰি আমেৰিকা-ইজৰাইল নিপাত যাওক ধ্বনি সমস্বৰে দিয়ে। আনহাতে, ইৰানৰ প্ৰায় ৫০০০ বিদ্যালয়ৰ দুৱাৰ খামেনেইক শেষ শ্রদ্ধা নিৱেদনৰ বাবে মুকলি ৰখা হৈছে।
আনহাতে, ইৰানী কর্তৃপক্ষই প্রাক্তন সর্বোচ্চ নেতাজনৰ শেষকৃত্য অনুষ্ঠান সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে খবৰ ওলাইছে যে এই সময়ত ইৰানত ১৫০০-৩০০০ লোকৰ মৃত্যু হ'ব পাৰে। ২ কোটিৰ বৃহৎসংখ্যক লোকৰ সমাগমত বিভিন্ন কাৰণত এই মৃত্যুৰ সম্ভাৱনা ব্যক্ত কৰিছে তেহৰানৰ কর্তৃপক্ষৰ অভ্যন্তৰীণ সূত্রই। ইয়াৰ বাবে তেহৰানৰ কৰ্তৃপক্ষই মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।