বিলাহীৰ মূল্য বৃদ্ধিৰ লগে লগে কৃষকে পথাৰত লগালে চিচিটিভি কেমেৰা

Kakali Deka August 08, 2023

ডিজিটেল ডেস্ক: যিকোনো ভাৰতীয় পৰিয়ালত বিলাহীক মুখ্য আহাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। কিন্তু দেশজুৰি বিলাহীৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে জনতাক।মহাৰাষ্ট্ৰত প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য প্ৰায় ১৬০ টকা। সেয়েহে মহাৰাষ্ট্ৰৰ কৃষকে বিলাহীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে চুৰি প্ৰতিৰোধ কৰিবলৈ পথাৰত স্থাপন কৰিছে চিচিটিভি কেমেৰা।সমগ্ৰ দেশতে বিলাহীৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰৰ এজন কৃষকে চুৰি বা আন কোনো অপ্ৰীতিকৰ ঘটনাৰ আশংকা কৰি তেওঁৰ পথাৰত স্থাপন কৰিছে চিচিটিভি কেমেৰা।
কৃষক জনৰ নাম শৰদ ৰাৱাট। তেওঁৰ মতে, এয়া সময়ৰ প্ৰয়োজন। সেয়েহে ২২ হাজাৰ টকা খৰচ কৰি পথাৰত কেমেৰা স্থাপন কৰিছে। 
     ইফালে বিলাহীৰ মূল্য বৃদ্ধিৰ মাজতে বিভিন্ন ৰাজ্যত চুৰি হোৱাৰ বহুতো উদাহৰণ পোহৰলৈ আহিছে।
কৰ্ণাটক আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে কৰ্ণাটকৰ কোলাৰৰ পৰা ৰাজস্থানৰ জয়পুৰ অভিমুখি প্ৰায় ২১ লাখ টকাৰ বিলাহী ট্ৰাকসহ সন্ধানহীন হয় আছে।
আন এক ঘটনা, ঝাৰখণ্ডৰ চোৰে এখন পাচলি বজাৰৰ পৰা প্ৰায় ৪০ কিলোগ্ৰাম বিলাহী চুৰি কৰিছিল।

Share This