ডিজিটেল ডেস্কঃ ২০২৩ চনত গৃহীত মহিলা সংৰক্ষণৰ আইন 'নাৰী শক্তি বন্দন আইন'ৰ বলৱৎকৰণ বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন (পি আই এল) সন্দর্ভ ত উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিক্রিয়া বিচাৰে।
উল্লেখযোগ্য যে এই আইনত লোকসভা, ৰাজ্যৰ বিধানসভা আৰু দিল্লীৰ বিধানসভাত মুঠ আসনৰ এক-তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণৰ নিৰ্দেশ দিয়া হৈছে।
ন্যায়াধীশ বি ভি নাগৰত্না আৰু আৰ মহাদেৱনৰ পীঠে নাৰীক দেশৰ সর্ববৃহৎ সংখ্যালঘু বুলি কৈ কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়াধীশ নাগৰত্নাই কয়, 'আমাৰ সংবিধানৰ প্ৰস্তাৱনাই কৈছে যে সকলো নাগৰিকৰে ৰাজনৈতিক আৰু সামাজিক সমতাৰ অধিকাৰ আছে।
দেশৰ সৰ্ববৃহৎ সংখ্যালঘু কোন? মহিলাসকল। প্রায় ৪৮ শতাংশ। এইটো হৈছে নাৰীৰ ৰাজনৈতিক সমতাৰ বিষয়ে।'