মহিলা টি-২০ বিশ্বকাপ, আজি ভাৰত-পাকিস্তানৰ মেচ

dainik janambhumi June 14, 2026

ডিজিটেল ডেস্ক : মহিলা টি-২০ বিশ্বকাপত আজি ইয়াত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব। আজিৰ মেচখনৰ সময়ত এজবাষ্টনত এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি হোৱাৰ আশা কৰা হৈছে। ইয়াৰ কাৰণ হ'ল বার্মিংহামত বাস কৰা দক্ষিণ এছিয়া মূলৰ লোকসকলে ভাৰত-পাকিস্তানৰ মেচক সদায় 'বিশেষ' কৰি তোলে। 

হৰমনপ্রীত কৌৰৰ নেতৃত্বৰ ভাৰতীয় দলত অভিজ্ঞতা আৰু আক্রমণাত্মক খেলৰ সুন্দৰ সংমিশ্রণ ঘটিছে। বিশেষকৈ শীর্ষ ক্রমত স্মৃতি মান্ধানা আৰু শেফালি বার্মাই আৰম্ভণিতেই মেচৰ দিশ নিৰ্ণয় কৰে। ভাৰতৰ বলিং বিভাগো যথেষ্ট সন্তুলিত। ইংলেণ্ডৰ পৰিস্থিতিত ৰেণুকা সিঙৰ ছুইং আৰু দীপ্তি শৰ্মাৰ ধাৰাবাহিকতা দলৰ বাবে গুৰুত্বপূৰ্ণ। ক্রান্তি গৌড়েও এই মেচখনত নিজক চমকপ্রদ খেল প্ৰদৰ্শন কৰাৰ আশা কৰা হৈছে। 

পাকিস্তানী শিবিৰত প্রখ্যাত স্পীনাৰ ছাদিয়া ইকবাল আৰু নিদা ডাৰৰ ভূমিকা গুৰুত্বপূর্ণ হ'ব। একেদৰে ডায়না বেগেও ভাৰতীয় দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মেচখনত ভাৰতেই ফেভাৰিট যদিও পাকিস্তানে অঘটন ঘটোৱাৰ সম্ভাৱনাও নথকা নহয়। দুয়োটা দলেই আজি জয়েৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। 

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানৰ মহিলা দল দুটাই এতিয়ালৈকে ১৬খন টি-২০ মেচ খেলিছে আৰু ইয়াৰে ১৩খনত ভাৰত জয়ী হৈছে।

Share This