ডিজিটেল ডেস্ক : অহা ১২ জুনত ইংলেণ্ডত আৰম্ভ হ'ব মহিলাৰ টি-২০ বিশ্ব কাপ। সেই প্রতিযোগিতাৰ সকলো মেচ পৰিচালনাৰ দায়িত্বত থাকিব কেৱল মহিলা আম্পায়াৰহে। আনকি মেচ ৰেফাৰীও হ'ব মহিলা। বৃহস্পতিবাৰে আই চি চিয়ে এই কথা ঘোষণা কৰিছে। ইয়াকে ধৰি আই চি চিৰ কোনো প্রতিযোগিতাত একেৰাহে চতুৰ্থবাৰলৈ মেচ পৰিচালনাৰ দায়িত্বত থাকিব মাথোঁ মহিলা।
২০২৩ আৰু ২০২৪ চনৰ টি-২০ বিশ্ব কাপৰ পাছত আন এখন টি-২০ বিশ্ব কাপত মহিলাই মেচ পৰিচালনা কৰিব। ইয়াৰ আগৰ ২০২০ চনৰ এদিনীয়া বিশ্ব কাপতো মহিলাই খেল পৰিচালনাৰ দায়িত্ব পালন কৰিছিল। আই চি চিয়ে কয় যে এই সিদ্ধান্ত লোৱা হৈছে অধিক মহিলাক এই বৃত্তিত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰাৰ লগতে মহিলা ক্রিকেটৰ সামগ্রিক প্ৰসাৰ নিশ্চিত কৰিবলৈ।
এই তালিকাত ৪গৰাকী ভাৰতীয়ৰ নামো আছে। ইয়াৰে ৩গৰাকী আম্পায়াৰ আৰু আনগৰাকী মেচ ৰেফাৰী। আম্পায়াৰ গায়ত্রী ভেনুগোপালনে প্রথমবাৰ বিশ্ব কাপত খেল পৰিচালনা কৰিব। তেওঁৰ লগত থাকিব বৃন্দা ৰাথী আৰু জননী এন। মেচ ৰেফাৰী জি এছ লক্ষ্মী।