ভাৰতৰ বিকাশৰ হাৰ বৃদ্ধি কৰিলে বিশ্ব বেংকে

dainik janambhumi October 08, 2025

ডিজিটেল ডেস্কঃ বৰ্তমানৰ বিত্তীয় বৰ্ষৰ বাবে বিশ্ব বেংকে মঙলবাৰে ভাৰতৰ বিকাশৰ পূর্বানুমান পূৰ্বৰ ৬.৩ শতাংশৰ পৰা ৬, ৫ শতাংশলৈ বৃদ্ধি কৰে। উপভোগ (কনছাম্পশ্যন) বৃদ্ধিৰ বাবে শক্তি অব্যাহত থকাৰ বাবে ভাৰত দ্রুত বিকাশৰ প্ৰধান অৰ্থনীতিৰ দেশ হৈ থাকিব বুলিও বিশ্ব বেংকে আশা কৰে।

আনহাতে, বিশ্ব বেংকে সকীয়াই দিয়ে যে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত আৰোপ কৰা ৫০ শতাংশ শুল্কই আগন্তুক দিনবোৰত দেশত প্ৰভাৱ পেলাব। অৱশ্যে, বিশ্ব বেংকে ২০২৬-২৭ বৰ্ষত ভাৰতৰ জিডিপি বিকাশৰ হাৰ ৬.৭শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্রাস কৰে। বিশ্ব বেংকে ২০২৭-২৮ বৰ্ষৰ ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশ হ'ব বুলি পূৰ্বানুমান কৰিছে।

Share This