ডিজিটেল ডেস্ক : আসন্ন বিশ্ব কাপ ফুটবলৰ টিকটৰ মূল্য দেখা পাই ইতিমধ্যেই স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল। শেহতীয়াকৈ ফুটবল বিশ্বৰ মহাৰণখনৰ অন্তিম ৰাউণ্ডৰ টিকট মুকলি কৰা হৈছে। ফাইনেলৰ টিকটৰ দাম দেখি অনুৰাগীসকল হতাশ হৈ পৰিছে। প্ৰতিটো শিতানৰ টিকটৰ মূল্য পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। ফিফাই এইবাৰৰ বিশ্ব কাপৰ দাম 'গতিশীল' কৰি ৰাখিছে। অর্থাৎ চাহিদা বাঢ়িলে টিকটৰ মূল্যও বাঢ়িব।
শেহতীয়াকৈ বজাৰত মুকলি কৰা হৈছে ফাইনেলৰ আটাইতকৈ দামী টিকট। ইয়াৰ মূল্য ১০,৯৯০ ডলাৰ। ভাৰতীয় মুদ্রাত ১০ লাখ ১৯ হাজাৰ টকা। এই মূল্য ভাৰতৰ বাবে লগতে বিশ্বৰ বেছিভাগ দেশৰ বাবেও অতি বেছি। ফলত বহুতে নিজৰ দেশে ফাইনেলত প্ৰৱেশ কৰিলেও ঘৰতে খেল চাবলৈ সিদ্ধান্ত লৈছে। ফাইনেলৰ দ্বিতীয় বিভাগৰ টিকটৰ মূল্য ৬ লাখ ৮৭ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তৃতীয় বিভাগৰ টিকটৰ মূল্য ৫ লাখ ৩৯ হাজাৰ টকা ৰখা হৈছে। বুধবাৰে নিশা গ্রুপ পৰ্যায়ৰ ৭২ খন খেলৰ ভিতৰত ১৭খন খেলৰ টিকট মুকলি কৰা হয়। নক আউটৰ মেচৰ টিকট এতিয়াও মুকলি কৰা হোৱা নাই।
উদ্বোধনীৰ খেলখনৰ টিকটৰ মূল্যও আকাশলংঘী। সৰ্বাধিক মূল্যৰ টিকট বিক্ৰী হৈছে ২ লাখ ৫৫ হাজাৰ টকাত। কেইবাখনো মেচৰ টিকট বাকী আছে। কোনেও সেইবোৰ টিকট কিনিবলৈ আগ্রহ প্রকাশ কৰা নাই। ফিফাই কয় যে প্রতিযোগিতাৰ সময়তো যদি টিকট এৰি দিয়া হয় তেন্তে টিকট ক্ৰয় কৰিব পাৰিব।