বিশ্বকাপক লৈ জুৱাৰীৰ অভিলেখ, ৪.১৫ লাখ কোটি টকাতকৈ অধিক ধনৰ বাজি

dainik janambhumi June 14, 2026

ডিজিটেল ডেস্ক : আমেৰিকা, কানাডা আৰু মেক্সিকোত ফিফা বিশ্বকাপ আৰম্ভহৈছে। বিশ্বকাপক লৈ সমগ্ৰ বিশ্বৰ ফুটবল প্ৰেমীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা যায়। একে সময়তে আন এখন জগতো ব্যস্ত হৈ পৰিছে। বিশ্বকাপক লৈ। এইখন হ'ল জুৱাৰীৰ বজাৰ। এইবাৰৰ বিশ্বকাপত কেইবা লাখ কোটি টকাৰ বাজি ধৰা হৈছে। 

অষ্ট্ৰেলিয়াৰ এটা বিত্তীয় প্রতিষ্ঠানে প্রকাশ কৰা মতে ফুটবলৰ বিশ্বকাপত এইবাৰ ৫০০০ কোটি ডলাৰৰ অৰ্থাৎ প্রায় ৪.১৫ লাখ কোটি টকাৰ বাজি ধৰা হৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ৪৮টা দলে অংশগ্ৰহণ কৰা বিশ্বকাপত প্ৰতিখন মেচত গড়ে ৫০ কোটি ডলাৰ অৰ্থাৎ প্রায় ৪,৭৫৫.৫২ কোটি টকা। ফিফা বিশ্বকাপৰ মেচক লৈ যিমান পৰিমাণৰ বাজি ধৰা হৈছে পূৰ্বতে বিশ্বৰ আন কোনো খেলতে দেখা পোৱা নাই। এইবাৰৰ বিশ্বকাপত মুঠ ১০৪খন মেচ খেলোৱা হ'ব। 

উল্লেখযোগ্য যে আমেৰিকাত ক্রীড়াত অনলাইনযোগে বাজি ধৰাটো বৈধ। উল্লেখযোগ্য যে ২০২২ চনৰ কাটাৰ বিশ্বকাপত প্রায় ৩৫০০ কোটি ডলাৰৰ অৰ্থাৎ প্রায় ৩.৩২ লাখ কোটি টকাৰ বাজি ধৰা হৈছিল। উল্লেখযোগ্য যে আমেৰিকা, কানাডা আৰু মেক্সিকোরে যুটীয়াভাৱে আয়োজন কৰা বিশ্বকাপৰ খেলসমূহ উত্তৰ আৰু দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ দৰ্শকৰ বাবে অনুকূল সময়ত অনুষ্ঠিত হৈছে। ইয়াৰ ফলতে বাজি ধৰাটো বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 

জুৱাৰীৰ বজাৰৰ সৈতে জড়িত কোম্পানীসমূহৰ মতে, আমেৰিকাৰ কেইবাখনো ৰাজ্যক অনলাইন বাজি ধৰাটো বৈধ কৰা আৰু অনলাইন বেটি এপছ সহজে উপলব্ধ হোৱাৰ পাছত এইবাৰ বাজিৰ ধনৰ পৰিমাণ অভিলেখ পৰিমাণৰ হৈছেগৈ। ইফালে বিশ্বকাপত জুৱাৰীৰ ফেভাৰিট দলৰ তালিকাত ৫টা দলে স্থান লাভ কৰিছে। জুৱাৰীৰ ফেভাৰিট দলৰ তালিকাত প্রথম স্থানত আছে স্পেইন। স্পেইনৰ পক্ষে বাজিৰ দৰ হ'ল ৯/২। 

প্রশিক্ষক লুইচ ডে লা ফুৱেণ্টেৰ তত্ত্বাৱধানত স্পেইন এইবাৰৰ বিশ্বকাপৰ অন্যতম প্রবল দাবীদাৰ। তেওঁ দলটোৰ শৈলীত সামান্য সালসলনি কৰে আৰু ইয়াৰ ফলত খেলৰ গতি ক্ষিপ্ৰ হৈ পৰে। জুৱাৰীৰ ফেভাৰিটৰ তালিকাত দ্বিতীয় স্থানত থকা ফ্ৰান্সৰ পক্ষে বাজিৰ দৰ হ'ল ৫/১। ফ্ৰান্সৰ মূল শক্তি হ'ল শক্তিশালী আক্রমণ বিভাগ। কিলিয়ান এমবাপেৰ নেতৃত্বৰ ফ্ৰান্সৰ দলটো উছমান ডেম্বেলে, ব্ৰেণ্ডলী বাৰকোলা আৰু ডেছিৰে ডোয়েৰ দৰে খেলুৱৈৰে সজ্জিত। ইফালে তালিকাত তৃতীয় স্থানত থকা ইংলেণ্ডৰ নেতৃত্বত আছে হেৰি কেন। ইংলেণ্ডে ১৯৬৬ চনৰ পাছত প্রথমবাৰৰ বাবে কাপ জয়ৰ চেষ্টা কৰিব। 

উল্লেখযোগ্য যে ইংলেন্ডে কোৱালিফায়িং ৰাউণ্ডত আঠখন মেচৰ সকলোবোৰত জয়ী হৈছে। টমাছ তুচেলৰ তত্ত্বাৱধানত দলটোৱে আক্রমণাত্মক খেলেৰে আৰম্ভণিৰ পৰাই প্রতিপক্ষক চাপ দিয়ে আৰু ইয়াৰ ফলো লাভ কৰে। ইফালে জুৱাৰীৰ ফেভাৰিটৰ তালিকাত চতুর্থ স্থানত থকা দলটো হ'ল ব্রাজিল। এই তালিকাত ব্রাজিলেই ইউৰোপৰ বাহিৰৰ একমাত্ৰ দল। দলটোৰ বাজিৰ দৰ হ'ল ৮/১। তালিকাত পঞ্চম স্থানত থকা পর্তুগালৰ দৰ হ'ল ৮/১।

Share This