ডিজিটেল ডেস্ক : বিশ্বত পুনৰ কৰ'না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিবলৈ লৈছে। বিশেষকৈ এছিয়াৰ দেশসমূহত কৰ'না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। ছিংগাপুৰ, থাইলেণ্ড, হংকং আৰু চীনৰ দৰে দেশত কৰ'নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। এইবাৰ সংক্ৰমণ হৈছে অমিত্ৰনৰ নতুন ভেৰিয়েন্ট জে এন-১ আৰু ইয়াৰ ছাব ভেৰিয়েন্ট এল এফ-৭ তথা এন বি ১.৮। ছিংগাপুৰত চলিত মাহৰ প্ৰথম ভাগত কৰ'নাৰ সংক্রমণ হোৱা লোকৰ সংখ্যা ১৪,২০০ ৰ অধিক হৈছে। এপ্ৰিলৰ শেষৰ সপ্তাহত দেশখনত কৰ'নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা আছিল ১১,১০০।
দেশখমত কৰ'নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ২৮% বৃদ্ধি পাইছে। বাতৰিত প্ৰকাশ পোৱা মতে দেশখনৰ চিকিৎসালয়ত ভর্তি হোৱা লোকৰ সংখ্যা অহৰহ বৃদ্ধি পাই আছে, কিন্তু গুৰুতৰভাৱে সংক্রমণ হোৱা তথা আই চি ইউত ভৰ্তি কৰিবলগীয়া ৰোগীৰ সংখ্যা বৰ বেছি নহয়। কৰ'নাৰ এই নতুন ভেৰিয়েন্ট অধিক বিপজ্জনক বা দ্রুত গতিত সংক্রমণ হোৱাৰ এতিয়ালৈকে লাভ কৰা হোৱা নাই। কিন্তু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুর্বল লোকসকলৰ লগতে গুৰুতৰ ৰোগত ভুগি থকা লোকৰ ক্ষেত্ৰত সংক্রমণ হোৱাৰ সংখ্যা বৃদ্ধি পাইছে। চীন আৰু থাই লেগুতো সংক্রমণ হোৱা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। থাইলেণ্ডত শেহতীয়া বন্ধৰ পাছত সংক্ৰমণ অধিক বৃদ্ধি পাইছে।
দেশখনত চলিত বছৰত কৰ'নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৭১,০৬৭ জনলৈ আৰু ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে। হংকঙত যোৱা দহ সপ্তাহত প্রতি সপ্তাহত সংক্রমণ হোৱা লোকৰ সংখ্যা ৩০গুণ বৃদ্ধি পাইছে। হংকঙত চলিত সপ্তাহত সংক্রমণ হোৱা লোকৰ সংখ্যা সহস্রাধিক হৈছে। দেশখনত কৰ'না পজিটিভ হোৱা লোকৰ সংখ্যা ১ মাৰ্চত অন্ত পৰা সপ্তাহটোত ০.৩১% আছিল যদিও যোৱা দহ মে'ত অন্ত পৰা সপ্তাহ টোত ১৩.৬৬%লৈ বৃদ্ধি পায়। ভাৰতত শেহতীয়া তথ্য মতে, যোরা ১২মে'ত কৰ'নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ২৫৭জনলৈ বৃদ্ধি পাইছে। ইয়াৰে অধিকাংশ ৰোগী কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ। ইফালে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ট্রেভিছ হেড আৰু অভিনেত্রী শিল্পা শিৰোদকাৰৰো ক'ভিড-১৯ৰ সংক্ৰমণ হোৱা বুলি জনা গৈছে।