'২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক : যুদ্ধৰ ক'লীয়া ডাৱৰে আৱৰি ৰখাৰ সময়তে সামৰিক ব্যয় বৃদ্ধিৰ শেহতীয়া তথ্যই বিশেষ চর্চা লাভ কৰিছে। বিশ্বৰ দেশসমূহৰ মাজত দ্রুতগতিত বৃদ্ধি পাইছে সামৰিক ব্যয়। স্টকহ'ম আন্তঃৰাষ্ট্ৰীয় শান্তি গবেষণা প্রতিষ্ঠান (ছিপি)ৰ শেহতীয়া প্রতিবেদনত বিশ্বজুৰি সামৰিক ব্যয় বৃদ্ধিৰ তথ্য প্রকাশ পাইছে। ছিপ্রিৰ প্রতিবেদন অনুসৰি ২০২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২,৮৮৭ বিলিয়ন মার্কিন ডলাৰ (২৭১ লাখ কোটি) হয়গৈ, যিটো ২০২৪ চনৰ তুলনাত ২.৯ শতাংশ বৃদ্ধি পায়। যোৱা বৰ্ষটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ব্যয় কিছু হ্রাস পোৱাৰ বিপৰীতে ইউৰোপৰ সামৰিক ব্যয় ১৪ শতাংশ আৰু এছিয়া আৰু ওছেনিয়া মহাদেশৰ সামৰিক ব্যয় ৮.১ শতাংশ বৃদ্ধি পায়। 

ছিপ্রিৰ অধ্যয়নত প্রকাশ পোৱা তথ্য অনুসৰি সামৰিক ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা প্ৰথম তিনিখন ৰাষ্ট্ৰ হৈছে ক্রমে আমেৰিকা, চীন আৰু ৰাছিয়া। এই দেশ তিনিখনৰ মুঠ ব্যয়ৰ পৰিমাণ হৈছে ১,৪৮০ বিলিয়ন মার্কিন ডলাৰ। যিটো বিশ্বৰ মুঠ সামৰিক ব্যয়ৰ ৫১ শতাংশ। সামৰিক ব্যয় বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতো পিছ পৰি থকা নাই। সামৰিক ক্ষেত্রত সর্বাধিক ব্যয় কৰা ৰাষ্ট্ৰৰ তালিকাত পঞ্চম স্থানত আছে ভাৰত। দেশখনে ২০২৫ চনত ৮.৯ শতাংশ বৃদ্ধিৰে সামৰিক ক্ষেত্ৰত ব্যয় কৰে ৯২.১ বিলিয়ন ডলাৰ (৮.৬৬ লাখ কোটি টকা)। উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশৰ মাজত সম্প্রতি যুদ্ধ অব্যাহত আছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পর্যন্ত বিশ্বত প্রায় ৫০খন যুদ্ধ চলি আছিল। ইয়াৰ ভিতৰত আছে ৰাছিয়া-ইউক্রেইন যুদ্ধ, আমেৰিকা আৰু ইজৰাইলৰ ইৰানৰ বিৰুদ্ধে যুদ্ধ, পাকিস্তান-আফগানিস্তান যুদ্ধ, হামাছ-ইজৰাইল যুদ্ধ, ম্যানমাৰৰ গৃহ যুদ্ধ, ছুদানৰ গৃহ যুদ্ধ, য়েমেনৰ গৃহ যুদ্ধ আদি। 

এই যুদ্ধসমূহতো বৃহৎ পৰিমাণৰ সামৰিক অস্ত্র-শস্ত্ৰৰ ক্রয়-বিক্র হৈছে। যাৰ বাবে সামৰিক ব্যয় দ্রুতগতিত বৃদ্ধি পাইছে। ইউৰোপৰ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে যুদ্ধৰ পৰিৱেশত নাটোক শক্তিশালী কৰি ৰখাৰ বাবে সামৰিক ব্যয় বৃদ্ধি কৰিছে। যাৰ ফলত ২০২৪ চনৰ তুলনাত যোৱা বৰ্ষত ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ১৪ শতাংশ বৃদ্ধিৰে সামৰিক ব্যয় ৮৬৪ বিলিয়ন হয়গৈ। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ৰাছিয়াইও ৫.৯ শতাংশ বৃদ্ধিৰে সামৰিক ক্ষেত্ৰত ব্যয় কৰে ১৯০ বিলিয়ন মার্কিন ডলাৰ।

Share This