ডিজিটেল ডেস্ক: পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত অৱস্থিত হৰমুজ প্রণালী শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে। পাৰস্য উপসাগৰৰ পৰা মুকলি সাগৰলৈ এইটো হৈছে গুৰুত্বপূৰ্ণ জলপথ আৰু এই হৰমুজ প্রণালীয়েদি প্রতিদিনে ২০ মিলিয়ন বেৰল তেল সৰবৰাহ হয় বিশ্বৰ বিভিন্ন দেশলৈ।
সমগ্ৰ বিশ্বৰ প্ৰায় ২০ শতাংশ পেট্র'লিয়াম সামগ্রী এই কৌশলগত হৰমুজ প্রণালীৰে দৈনিক সৰবৰাহ হয়। বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণ প্ৰণালীৰ ভিতৰত অন্যতম হৈছে এই হৰমুজ প্রণালী। মধ্যপ্রাচ্যত বর্তমান চলি থকা যুদ্ধ আৰু ইৰানৰে আমেৰিকা-ইজৰাইলৰ সংঘৰ্ষৰ বাবে এই পৰিবহণ প্রণালী বন্ধ কৰি দিছে ইৰানে। এই কৰিডৰৰ জৰিয়তে 'লিকুৱেফাইড পেট্র'লিয়াম গেছ' (এল পি জি) পৰিবহণ সমগ্র বিশ্বজুৰি ব্যাহত হৈছে। আনহাতে, ভাৰত বিশেষকৈ প্ৰভাৱিত হৈছে এই হৰমুজ প্রণালীৰে খাৰুৱা তেলৰ যাতায়াত ব্যাহত হোৱাৰ পৰা।
হৰমুজ প্রণালীৰে ভাৰতে ৯০ শতাংশ আমদানি পৰিবহণ কৰে। সেইবাবে ভাৰতৰ ৫৪ শতাংশ এল পি জিৰ স্বাভাৱিক উপলব্ধতা ব্যাহত হৈছে। এই গুৰুত্বপূৰ্ণ কৰিডৰ যদি বন্ধ ৰখাটো ইৰানে অব্যাহত ৰাখে, তেনেহ'লে ভৱিষ্যৎ দিনত ভাৰতৰ বিশেষভাৱে ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ হিচাপত ভাৰতৰ ৩৩২.১ মিলিয়ন সক্রিয় ঘৰুৱা এল পি জি সংযোগ আছে আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ অধীনত ১০৪.২৯ মিলিয়ন এল পি জি সংযোগ আছে। ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ এই হৰমুজ প্রণালী দীর্ঘদিন ইৰানে বন্ধ ৰাখিলে দেশৰ কোটি কোটি এল পি জি উপভোক্তাৰ বাবে অধিক সংকট নামি আহিব।
উল্লেখযোগ্য যে ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সর্বাধিক এল পি জি আমদানিকাৰী দেশ। আনহাতে, হৰমুজ প্রণালীৰ মাজেৰে ভাৰতলৈ ৯০ শতাংশ এল পি জি পৰিবহণ হয়। এই গুৰুত্বপূর্ণ পৰিবহণ প্ৰণালীৰে পৰিবহণত অচলাৱস্থা অব্যাহত থাকিলে অনাগত দিনত ভাৰতত অধিক এল পি জিৰ সংকটে দেখা দিব। ইফালে, ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰে একাধিকবাৰ ইৰানী বিদেশ মন্ত্ৰী আৰাঘচীৰে টেলিফ'নিক বার্তালাপ কৰাৰ পাছত হৰমুজ প্রণালীৰে ভাৰতৰ দুখন বাণিজ্যিক জাহাজ আহিবলৈ অনুমতি দিছে ইৰানে। তদুপৰি, প্রধানমন্ত্রী মোদীয়েও ইৰানৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে বাৰ্তালাপ কৰি ইৰানক ভাৰতৰ বন্ধু দেশ আখ্যা দিছে।
হৰমুজ প্রণালীৰে দুখন ভাৰতীয় জাহাজক পৰিবহণ কৰিবলৈ দিয়াৰ পাছতো ভাৰতৰ অনাগত এল পি জি সংকটক বাধা দিবলৈ এই খাৰুৱা তেল পর্যাপ্ত হয় নে নহয়, সেয়া সময়েহে ক'ব। আনহাতে, কেন্দ্ৰীয় চৰকাৰে শনিবাৰে কয় যে বর্তমান সময়ত দেশৰ বাবে এল পি জিৰ সংকট উদ্বেগৰ বিষয় হৈ আছে যদিও বর্তমানলৈকে কোনো গেছ বিতৰণ কেন্দ্ৰ বন্ধ হৈ যোৱা নাই। পেট্র'লিয়াম মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (বিপণন আৰু তেল শোধনাগাৰ) সুজাতা শর্মাই কয় যে বর্তমান সময়ত ভাৰতৰ খাৰুৱা তেল যোগান পর্যাপ্ত হৈ আছে আৰু দেশৰ তেল শোধনাগাৰবোৰে সম্পূর্ণ কার্যক্ষম হৈ আছে।