গুলমার্গত বিশ্বৰ সৰ্বোচ্চ ঘূৰ্ণয়মান ৰেস্তোৰাঁ মুকলি

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ গুলমার্গত সংযোজিত হৈছে আন এক নতুন পর্যটনস্থলী। গুলমার্গত মুকলি কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ঘূর্ণয়মান ৰেস্তোৰাঁখন। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেওবাৰে গুলমার্গত কেইবাটাও উন্নয়ন প্রকল্প উদ্বোধন কৰে। 

সেই উন্নয়ন প্রকল্পসমূহৰ মাজত আছে ঘূর্ণয়মান ৰেস্তোৰাঁখনো। ঘূৰি থকা ৰেস্তোৰাঁখনত বহি পৰ্যটকসকলে পৰ্বতৰ চূড়াৰ পৰা গুলমাৰ্গৰ অপূৰ্ব ৰূপ উপভোগ কৰিব পাৰিব। পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছৰ পৰা কাশ্মীৰত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে। 

এতিয়া ঘূর্ণয়মান ৰেস্তোৰাঁখন মুকলি হোৱাৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি জম্মু-কাশ্মীৰ চৰকাৰে আশা কৰিছে। উল্লেখযোগ্য যে গুলমার্গতে আছে বিশ্বৰ সৰ্বোচ্চ আৰু এছিয়াৰ দীর্ঘতম গোণ্ডোলা ৰোপৱে'। বিশ্বৰ সৰ্বোচ্চ স্কী পইন্ট আৰু বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফেও গুলমার্গত অৱস্থিত।

Share This